অসমশীৰ্ষ

চেঙাৰ ৰৌমাৰী গাঁৱৰ গৰাখহনীয়া পৰিদৰ্শন জলসম্পদ বিভাগ-প্ৰশাসনৰ 

সুদোত্তৰ দিব নোৱাৰি সাংবাদিকক দুৰ্ব্যৱহাৰ অতিৰিক্ত  মুখ্য অভিযন্তাৰ

প্ৰথম খবৰ ,চেঙা,০৭ জুনঃ অৱশেষত গা লৰিল জলসম্পদ বিভাগৰ। বৰপেটা জিলাৰ চেঙা ৰাজহ চক্ৰৰ অন্তৰ্গত ৰৌমাৰী গাঁৱত হৈ থকা ব্ৰহ্মপুত্ৰৰ তীব্ৰ খহনীয়াৰ বাতৰি ধাৰাবাহিক ভাবে দৈনিক জনমভূমিত  প্ৰকাশ  হোৱাৰ পিছত  আজি ৰৌমাৰী গাঁৱৰ গৰাখহনীয়া পৰিদৰ্শন কৰে চক্ৰ বিষয়াৰ লগতে জলসম্পদ বিভাগৰ বিষয়া-কৰ্মচাৰীয়ে। চেঙা ৰাজহ চক্ৰৰ চক্ৰ বিষয়া ৰাজীৱ কুমাৰ দাসৰ তৎপৰতাত বিভাগীয় দলটোৱে পৰিদৰ্শন কৰে খহনীয়া অঞ্চল।  পৰিদৰ্শন কালত খহনীয়া প্ৰতিৰোধ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ সন্দৰ্ভত একো সুদোত্তৰ দিব নোৱাৰি  সংবাদ মাধ্যমক দুৰ্ব্যৱহাৰ কৰে জলসম্পদ বিভাগৰ এগৰাকী  বিষয়াই।বিষয়াগৰাকী নামনি অসম সংমণ্ডলৰ অতিৰিক্ত মুখ্য অভিযন্তা দীলিপ শৰ্মা । পৰিদৰ্শন কালত কি দেখা পালে আৰু কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি কৰা সাংবাদিকৰ  প্ৰশ্নৰ উত্তৰ দিবলৈ মান্তি নহ’ল বিষয়া গৰাকীয়ে। সামান্য সৌজন্যতা দেখুওৱাৰ পৰিৱৰ্তে মূৰ জোকাৰি জোকাৰি  মোবাইলতহে  ব্যস্ত হৈ থাকিল  এইগৰকী  বিষয়া ।ৰাইজৰ সমস্যাৰ প্ৰতি কোনো কানসাৰ নাই বিষয়াগৰাকীৰ। গৰাখহনীয়া পৰিদৰ্শন কৰিবলৈ আহি খহনীয়া অঞ্চলত একমিটাৰো আগুৱাই নগ’ল বিষয়াগৰাকীয়ে।  উৰ্ধতন কৰ্তৃপক্ষকহে জনাম সাংবাদিকক জনাব নোৱাৰো বুলি দম্ভ দেখুওৱা এইগৰাকী বিষয়াই বিভাগটোৰ কি উন্নয়নমূলক কাম কৰিব সেয়া সহজেই অনুমেয়। পৰিদৰ্শন কালত  সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত  নলবাৰী জলসম্পদ  ডিভিজনৰ কাৰ্যবাহী  অভিযন্তা প্ৰতুল পাটোৱাৰীয়ে পৰিদৰ্শন কৰিবলৈ অহা  অতিৰিক্ত মুখ্য অভিযন্তা গৰাকীয়েহে ব্যৱস্থা সম্পৰ্কে ক’ব পাৰিব বুলি কোৱাৰ বিপৰীতে অতিৰিক্ত মুখ্য অভিযন্তা গৰাকীয়ে  অভব্য আচৰণহে দেখুৱালে সাংবাদিকক। চেঙাৰ  ৰৌমাৰী গাঁৱত এতিয়াও দিনে নিশাই ব্ৰহ্মপুত্ৰৰ খহনীয়া অব্যাহত আছে। শ শ কৃষি ভূমি ব্ৰহ্মপুত্ৰৰ বুকুত জাহ গৈছে। যোৱা সপ্তাহত প্ৰায় অৰ্ধশতাধিক বাসগৃহ জাহ গৈছে ব্ৰহ্মপুত্ৰৰ বুকুত। কৃষকৰ মূৰত সৰগ ভাগি পৰিছে এতিয়া। মৰাপাট, কুহিয়াঁৰ, মাকৈ আদি খেতিও জাহ গৈছে নৈ বুকুত। নৈ পৰীয়া ৰাইজে অতি সোনকালেই ৰৌমাৰী গাঁৱক খহনীয়াৰ পৰা ৰক্ষা কৰিবলৈ জলসম্পদ বিভাগৰ বিষয়াৰ লগতে জলসম্পদ মন্ত্ৰী কেশৱ মহন্তকো দাবী জনাইছে। বৰ্তমানলৈ গৰাখহনীয়াত ক্ষতিগ্ৰস্ত তথা আক্ৰান্ত হোৱা লোকসকলৰ খবৰ ল’বলৈ আহৰি নোপোৱা স্থানীয় বিধায়ক শুকুৰ আলী আহমেদৰ ওপৰতো ক্ষোভিত হৈ পৰিছে স্থানীয় ৰাইজ।পৰিদৰ্শন কালত ৰৌমাৰী গাঁৱৰ শ শ ৰাইজ  তেওঁলোকৰ দুখ-দুৰ্দশাৰ কথা ক’বলৈ আহে যদিও ৰাইজে দেখাই  নাপালে অতিৰিক্ত  মুখ্য অভিযন্তা দিলীপ শৰ্মাক ।আজিৰ এই পৰিদৰ্শনে কি মোৰ লয় সেয়াহে এতিয়া লক্ষণীয় হ’ব।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close