অসম

চেন্ট্ৰেল স্কুল,ঢকুৱাখনাত স্মাৰক বঁটা প্ৰদান অনুষ্ঠান

ঢকুৱাখনাৰপৰা পাপু বৰুৱা প্ৰথম খবৰ: সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৯৫.৮৩% নম্বৰেৰে ঢকুৱাখনা মহকুমাৰ ভিতৰতে শীৰ্ষস্থান প্ৰাপ্ত বাৰ্লিনা চমুৱাক ২০১৮ বৰ্ষৰ ড০ গুণীন্দ্ৰ নাথ দত্ত স্মাৰক বঁটা প্ৰদান কৰা হয়। স্মাৰক বঁটা হিচাপে ফুলাম গামোছা, এখনি মান পত্ৰ, গ্ৰন্থৰ টোপোলা আৰু দহ হেজাৰ টকাৰ চেক প্ৰদান কৰে বাৰ্লিনাক। অন্যহাতে বাৰ্লিনাৰ লগতে অন্যদুগৰাকী কৃত্তী ছাত্ৰী ক্ৰমে ভিক্টোৰিয়া গগৈ, কস্তুৰী কাশ্যপকো চেন্ট্ৰল স্কুল, ঢকুৱাখনাৰ তৰফৰ পৰা মান পত্ৰ, গ্ৰন্থৰ টোপোলা, আৰু ফুলাম গামোছাৰে অভিনন্দন জনাই।

ঢকুৱাখনা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ ডিম্বেশ্বৰ গগৈৰ সঞ্চালনাত অনুষ্ঠিত সভাৰ আঁত ধৰে চেন্ট্ৰল স্কুল, ঢকুৱাখনাৰ অধ্যক্ষ কেশৱ গগৈয়ে। সভাখনিত বিশিষ্ট অতিথিৰূপে অংশগ্ৰহণ কৰি ড০ গুণীন্দ্ৰ নাথ দত্ত স্মাৰক বঁটা ন্যাসৰ অধ্যক্ষ তুলসী নাথ গোহাঁই, সচিব গোবিন কলিতা, কোষাধ্যক্ষ গণেশ দত্ত, শিক্ষাবিদ ছৱিলাল জৈন, চেনীৰাম বৰুৱা, বিদ্যা দত্ত, ঘন কোঁছ, সৰ্বেশ্বৰ সূত বৰুৱা, দিগেন্দ্ৰনাথ হাজৰিকা, হীৰানাথ চমুৱা,পুষ্পাঞ্জলী ফুকন, হীৰানাথ মজমুদাৰ, সমাজকৰ্মী কুশল গগৈ, পূৰ্ণ লাহন, দীপক ফুকন, মোক্ষদা শৰ্মা কটকী, কবি জয়চন্দ্ৰ হাজৰিকা, জিতু দত্ত ইত্যাদি বিভিন্নজনে বক্তব্য ৰাখে।

Related Articles

Leave a Reply

Close