অসমশীৰ্ষ

ছাত্ৰীক অশ্লীল প্ৰস্তাৱ দি ৰঙাঘৰৰ আলহী হ’ল এজন যুৱক

খেৰণিৰপৰা কনক দেউৰী,প্ৰথম খবৰ:ছাত্ৰীক অশ্লীল প্ৰস্তাপ দি ৰঙাঘৰৰ আলহী হ’ল এজন লম্পদ যুৱক। এই ঘটনা সংঘটিত হৈছে পশ্চিম কাৰ্বি আংলঙৰ চেংবং প্ৰাথমিক বিদ্যালয়ত। যোৱা কিছুদিনৰপৰা এজন অচিনাক্ত যুৱকে প্ৰায় সময়তে উল্লেখিত বিদ্যালয়খনৰ সন্মুখত এখন স্কুটী ৰখাই ফোন কৰাৰ চলেৰে বিদ্যালয়ৰ ছাত্ৰীক মাতি অশ্লীল প্ৰস্তাপ দি আহিছিল। এই কথা ছাত্ৰী সকলে প্ৰধান শিক্ষয়ত্ৰীক জানিবলৈ দিয়ে। তাৰ পিছত বিদ্যালয়ৰ কৰ্তৃপক্ষই খেৰণি থানাত যোৱা ২ জুনত এখন এজাহাৰ দাখিল কৰে। যোৱা ৬ জুনত লম্পদ যুৱক জনে পূৰ্বৰ দৰে বিদ্যালয়খনৰ সন্মুখত পুনৰ উপস্থিত হৈ একেদৰে প্ৰস্তাৱ দিয়ে। তেনে সময়তে একাংশ অভিভাৱকৰ চকুত পৰা অচিনাক্ত যুৱক জনে স্কুটীখন লৈ উধাও হয়। লগে লগে খেৰণি আৰক্ষীক ঘটনা সম্পৰ্কে অৱগত কৰে। ইতিমধ্যে আৰক্ষীয়ে লম্পদ ৰাজু দাসক আটক কৰি বিদ্যালয় কৰ্তৃপক্ষৰ এজাহাৰ ভিত্তিত তদন্ত আৰম্ভ কৰিছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close