অসম

ছিপাঝাৰত দুস্কৃতিকাৰীৰ অগ্নি সংযোগ

মঙ্গলদৈৰপৰা দুলাল হাজৰিকা, প্ৰথম খবৰ: ছিপাঝাৰৰ পাথৰিঘাটত পুৱতি নিশা দুস্কৃতিকাৰীৰ ব্যৱসায়ীক প্ৰতিষ্ঠানত অগ্নি সংযোগ। জুইত জাহ গল প্ৰায় ৪ লাখ টকাৰ সা সম্পত্তি। পুৱালৈ উদ্ধাৰ নহল এপদো সামগ্ৰী। ছিপাঝাৰৰ পাথৰিঘাটস্থ ননৈ ঘাটত  এখন ব্যৱসায়ীক প্ৰতিষ্ঠানত কোনো দুস্কৃতিকাৰীয়ে পুৱতি নিশা অগ্নি সংযোগ কৰাৰ ফলত জুই ত সম্পূৰ্ণ ৰূপে জাহ যায় প্ৰতিষ্ঠান খন । আলিখাপাৰা পাৰা গাওৰ নিৱনুৱা যুৱক ভাস্কৰ জ্যোতি ডেকাৰ “ডেকা  ষ্টোৰ” নামৰ ব্যৱসায় প্ৰতিষ্ঠান খনত গেলামাল, ষ্টেচনাৰী,  স্কুল সামগ্ৰী , কম্পিউটাৰ, জেৰেস্ক মিচিন, প্ৰিণ্টাৰ, কেমেৰা আৰু চাউণ্ড চিষ্টেম আছিল যদিও ইয়াৰে কোনো সামগ্ৰীয়ে উদ্ধাৰ কৰিব পৰা নগল । উল্লেখ্য যে নিশাই ঘটনা সন্দৰ্ভত অগ্নিনিৰ্বাপক বাহিনীৰ সৈতে যোগাযোগ কৰা হৈছিল যদিও অগ্নিনিৰ্বাপক বাহিনীও উপস্থিত নহল। আশ্বৰ্য্য জনক কথাটো হল নিচেই গাতে লাগি থকা পাথৰিঘাট আৰক্ষী লোকো পুৱাহে গৈ খবৰ লয়। ইয়াকে লৈ অঞ্চলটোত তীব্র প্ৰতিক্ৰিয়া সৃষ্টি হৈছে।

Related Articles

Leave a Reply

Close