অসমশীৰ্ষ

ছয় জনগোষ্ঠীৰ জনজাতিকৰণ অনিশ্চয়তাত, জুৱেল ওৰামৰ বিস্ফোৰণ

নিউজ ডেস্ক, প্ৰথম খবৰ: বৃহস্পতিবাৰে দিল্লীৰ এক সংবাদমেলত জনজাতিকৰণ সন্দৰ্ভত বিস্ফোৰক মন্তব্য আগবঢ়ায় জনজাতি পৰিক্ৰমা মন্ত্ৰী জুৱেল ওৰামে। ছয় জনগোষ্ঠীৰ জনজাতিকৰণ প্ৰসংগত এই ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ সম্ভাৱনা অনিশ্চয়তাত থকাৰ কথা উল্লেখ কৰি জুৱেল ওৰামে কয় যে এটা জনজাতি হ’বলৈ চল্লিশ বছৰ সময় লাগে আৰু ই জনজাতি আয়োগ, মহাপঞ্জীয়কৰ কাৰ্যালয়, ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ অনুমোদনৰ পিছতহে সম্ভৱ হৈ উঠে৷

উল্লেখ্য যে নিৰ্বাচনৰ পূৰ্বে ছয় জনগোষ্ঠীক জনজাতিকৰণৰ কথা কৈ শাসনৰ গাদী দখল কৰাৰ পিছত বৃহস্পতিবাৰে এই কথা একপ্ৰকাৰ নস্যাত্‍ কৰিলে বিজেপি মন্ত্ৰী জুৱেল ওৰামে৷ চতুৰ্থ বৰ্ষপূৰ্তিৰ উন্নয়নৰ খতিয়ান দিবলৈ দিল্লীত সংবাদমেল সম্বোধন কৰি এই কথা ঘোষণা কৰিলে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close