অসমশীৰ্ষৰাষ্ট্ৰীয়

জগন্নাথ মন্দিৰত শোকাকুল পৰিবেশ:হেৰাইছে ৰত্ন ভাণ্ডাৰৰ ছাবি

নেচনেল ডেস্ক,প্ৰথম খবৰ:উৰিষ্যাৰ মুখ্যমন্ত্ৰী নবীন পাটনায়ক বিপদত পৰিছে। ইতিহাস প্ৰসিদ্ধ পুৰীৰ জগন্নাথ মন্দিৰৰ কোষাগাৰ অৰ্থাৎ “ৰত্ন ভাণ্ডাৰ”ৰ ছাবি হেৰাইছে,ইয়াকে লৈ মন্দিৰ পৰিচালনা সমিতিৰ লগতে চৰকাৰো বিপদত পৰিছে।

উল্লেখযোগ্য যে, চাৰি ধামৰ ভিতৰত অন্যতম ধাম জগন্নাথ পুৰীৰ ৰত্ন ভাণ্ডাৰৰ ছাবি চলিত বৰ্ষৰ এপ্ৰিল মাহৰ ৪ তাৰিখৰ পৰা পৰিচালনা কমিটিয়ে বিচাৰি পোৱা নাই। কিন্তু এই কথা আজি ৰাজহুৱা কৰে মন্দিৰৰ শংকৰাচাৰ্য স্বামী নীচলানন্দ সৰস্বতীয়ে।

বিগত কিছুদিন পূৰ্বে ৩৪ বছৰৰ পিছত মন্দিৰ পৰিচালনা কমিটিৰ ১৬ জনীয়া এটা দলে ৰত্ন ভাণ্ডাৰৰ ভিতৰত প্ৰৱেশ কৰিব বিচাৰিছিল। সম্পূৰ্ণ নিৰাপত্তা বাহিনী আৰু উৰিষ্যা উচ্চ ন্যায়ালয়ৰ তত্বাৱধানত তেওঁলোকে প্ৰৱেশ কৰিছিল জগন্নাথ মন্দিৰৰ কোষাগাৰত। লক্ষণীয়ভাৱে কোষাগাৰটোত ৭টা কোঠালীৰ প্ৰথম দুটা কোঠালীৰ পৰা ভিতৰৰ কোঠা ৫টা সুন্দৰকৈ দেখা পোৱা যায়। গতিকে ১৬ জনীয়া দলটোৱে ৰত্ন ভাণ্ডাৰৰ মূল কোঠালৈ নোযোৱাকৈ বাহিৰৰ কোঠাৰ পৰাই উভতি আহিছিল।

অৱশেষত ছাবি হেৰোৱাৰ কথা ৰাজহুৱা কৰাৰ পিছত ভক্তসকল শোঁকত ভাগি পৰে। কাৰণ ৰত্ন ভাণ্ডাৰৰ ছাবি জিলা কোষাগাৰটো নাই। এই ক্ষেত্ৰত মূখ্যমন্ত্ৰীৰ বিশেষ হস্তক্ষেপ দাবী কৰিছে মন্দিৰ পৰিচালনা সমিতিৰ লগতে লক্ষাধিক ভক্তই।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close