অসম

জটিল ৰোগত আক্ৰান্ত নলবাৰীৰ মেধাৱী ছাত্ৰ মুন্না আহমেদ  চৰকাৰ -ৰাইজৰ ওচৰত সহায় ভিক্ষা 

প্ৰথম খবৰ , নলবাৰী: নলবাৰীৰ মাধাপুৰ গাঁওৰ এগৰাকী মেধাৱী ছাত্ৰ জটিল ৰোগত আক্ৰান্ত হৈ ভবিষ্যত নিশেষ হোৱাৰ দিশে আগবঢ়াত পৰিয়াল তথা অঞ্চলটোৰ ৰাইজ চিন্তিত হৈ পৰিছে। জানিব পৰা মতে মাধাপুৰ গাঁওৰ হাতিম আলী আৰু মিনুৱাৰা বেগমৰ প্ৰথম পুত্ৰ মুন্না আহমেদে কিছু দিনৰ পৰা তীব্ৰ বুকুৰ বিষত ভুগি থকাত পৰিয়ালে বিভিন্ন চিকিৎসালয়ত চিকিৎসা কৰি সৰ্বস্বান্ত হোৱাৰ পিছত সম্প্ৰতি চিকিৎসকে ছাত্ৰ জনৰ হৃদযন্ত্ৰ আৰু আনুসাংগিক কিছু ৰোগত ভুগি থকা বুলি পৰিয়ালক অৱগত কৰে। লগতে ছাত্ৰ জনৰ শীঘ্ৰে হৃদযন্ত্ৰৰ অপাৰেচন কৰিবলৈ পৰামৰ্শ দিছে। ইপিনে চিকিৎসকে উক্ত অপাৰেচন অসমৰ বাহিৰত কৰিবলৈ দিয়াত দৰিদ্ৰ পৰিয়ালটোই দিনে নিশাই চকুলো টুকি আছে। কিয়নো সাধাৰণ ভাৱে উপাৰ্জন কৰি জীৱন নিৰ্বাহ কৰা পৰিয়ালটোৰ ক্ষেত্ৰত এই অপাৰেচন সম্ভৱ নহয়। অৱশ্যে ওচৰ চুবুৰীয়াই কিছু আৰ্থিক সাহাৰ্য্য প্ৰদান কৰিছে যদিও সেয়া পৰ্য্যাপ্ত নহয়। সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক (কলা শাখা ) ত মৰোৱা আনন্দৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা সুখ্যাতিৰে উত্তীৰ্ণ হৈছিল। সম্প্ৰতি মেধাৱী ছাত্ৰ মুন্না আহমেদৰ চিকিৎসাৰ বাবে দৰিদ্ৰ পৰিয়ালটোই ৰাজ্য চৰকাৰ, স্থানীয় বিধায়ক অশোক শৰ্মা আৰু ৰাইজৰ ওচৰত সাহাৰ্য্যৰ বাবে অনুৰোধ কৰিছে। এই ক্ষেত্ৰত ৯৯৫৪২-৯১০৪৮ নম্বৰত যোগাযোগ কৰাৰ লগতে কোনোৱে সাহাৰ্য্য দিব বিচাৰিলে ছাত্ৰ জনৰ পিতৃৰ এছ বি আইত থকা ২০০৭৫৫০৭১৭৩ বেংক একাউন্ট নম্বৰত দিব পাৰিব বুলিও জনা গৈছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close