অসমশীৰ্ষ

জুবিন ফেন ক্লাবৰ তৎপৰতাত উদ্ধাৰ দুষ্প্ৰাপ্য সোণগুই সাপ

দুধনৈৰপৰা ভবেশ চন্দ্ৰ ভাগৱতী,প্ৰথম খবৰ:প্ৰকৃতি প্ৰেমৰ বিৰল নিদৰ্শন দাঙি ধৰিছে ধুপধৰাৰ জুবিন ফেন ক্লাবৰ এগৰাকী সদস্যই। প্ৰাপ্ত তথ্য মতে গোৱালপাৰা জিলাৰ ধুপধৰা অঞ্চলত কিছুমান মানুহে খাবৰ বাবে হাবিৰ পৰা ধৰি অনা বিৰল প্ৰজাতিৰ সোণগুই (Golden Monitor Lizard) সাপ এটা প্ৰত্যক্ষ কৰি জুবিন ফেন ক্লাবৰ সদস্য দিবাকৰ পাটগিৰিয়ে কিছু ধনৰ বিনিময়ত প্ৰাণীটো কিনি আনি ক্লাবৰ সদস্য সকলৰ সহযোগিতাত ধুপধৰাস্থিত বন বিভাগৰ কাৰ্যালয়ত চমজাই দিয়ে। বনবিভাগে এই বিৰল প্ৰাণীটোৰ সৰক্ষাৰ দায়িত্ব লোৱাতহে এই প্ৰাণীটো বনবিভাগক চমজাই দিয়া হয়।উল্লেক্ষ্যযে এইবিধ বিৰল প্ৰজাতিৰ প্ৰাণী বৰ্তমান বিলুপ্তিৰ পথত। প্ৰকৃতি প্ৰেমী যুৱক সকলৰ এনে প্ৰচেষ্টাক ৰাইজে প্ৰশংসা কৰিছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close