অসম

জোনাইত ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহ, ধেমাজি জিলাৰ উদ্যোগত সজাগতা সভা

প্ৰথম খবৰ,চিচিবৰগাঁও: শিশুৰ মনৰ স্বাভাবিক অনুসন্ধিৎসু পুৰণ কৰি তেওঁলোকৰ সৃজনীশীলতাক উপযুক্ত ভাবে বিকাশ কৰাত সুবিধা প্ৰধান কৰা, বিজ্ঞান শিক্ষাৰ প্ৰক্ৰিয়াটোক চৌপাশৰ পৰিৱেশৰ সৈতে জড়িত কৰা, প্ৰনালীবদ্ধ অধ্যয়নত উৎসাহ যোগাই শিশু সকলৰ মনত বিজ্ঞান মানসিকতাৰ বীজ ৰোপণ কৰা আৰু শিশু সকলক দেশৰ ভৱিষ্যত সম্বন্ধে চিন্তা কৰিবলৈ অনুপ্ৰানিত কৰি তেওঁলোকক সংবেদনশীল তথা দ্বায়িত্বশীল তথা নাগৰিক হিচাপে গঢ়ি তোলাই হৈছে ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহৰ লক্ষ্য আৰু উদ্দেশ্য এই মন্তব্য ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহ ধেমাজি জিলাৰ জিলা সমন্বয়ক মেঘনাথ টায়েৰ। জোনাই মূৰ্কংচেলেক উচ্চ মাধ্যমিক বালিকা বিদ্যালয় প্ৰাঙ্গণত অনুষ্ঠিত হোৱা গাইড শিক্ষক প্ৰশিক্ষণ কৰ্মশালা আৰু অন্ধ বিশ্বাস-কুসংস্কাৰ আৰু ডাইনী হত্যাৰ ওপৰত অনুষ্ঠিত হোৱা সজাগতা সভাৰ উদ্দেশ্যে ব্যাখ্যা কৰি এইদৰে কয়। দিনৰ 10 বজাত জোনাই মহকুমাৰ মহকুমাধিপতি নিৰ্ছাজ হিভাৰেই উদ্বোধন কৰা সভাত জোনাই মহকুমা আৰক্ষী বিষয়া ভোলা হাজৰিকা, মূৰ্কছেলেক উচ্চ মাধ্যমিক বালিকা বিদ্যালয়ৰ সহকাৰী শিক্ষক প্ৰনতি বৰা, চমকং হাইস্কুলৰ সহকাৰী শিক্ষক অৰুণ মহন্ত প্ৰমূখ্যে অন্ধ বিশ্বাস-কুসংস্কাৰ আৰু ডাইনী হত্যাৰ ওপৰত বক্তব্য ৰাখি ইয়াৰ বিৰুদ্ধে সজাগ হ’বলৈ আহ্বান জনায়। ইপিনে এই একেখন সভাতেই ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহৰ নতুনকৈ আগবাঢ়োৱা প্ৰকল্পৰ বিষয় সমূহৰ ওপৰত দুগৰাকী সমল ব্যক্তি ক্ৰমে পদ্ম কুমাৰ পাংগিং, জয় দয়াল মালীয়ে উপস্থিত গাইড শিক্ষক সকলক প্ৰশিক্ষণ প্ৰদান কৰে।সভাত ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহ ধেমাজি জিলাৰ শৈক্ষিক সমন্বয়ক গোবিন দত্ত, মূৰ্কছেলেক বালিকা বিদ্যালয়ৰ প্ৰধান শিক্ষক দিপ্তী দলে লাগাছু প্ৰমূখ্যে উপস্থিত থাকে। জোনাই মহকুমাৰ অন্তৰ্গত শতাধিক বিদ্যালয়ৰ কেৱা শতাধিক শিক্ষক-শিক্ষয়িত্ৰীৰ উপস্থিত থাকে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close