অসমশীৰ্ষ

ঝাৰখণ্ডত মাওবাদীৰে হোৱা সংঘৰ্ষত শ্বহীদ হল অসম সন্তান জয়ন্ত ৰাভা

দুধনৈৰপৰা ভবেশচন্দ্ৰ ভাগৱতী প্ৰথম খবৰ: দেশবাসীৰ হকে সেৱা আগবঢ়াই জীৱন আহুতি দিব লগা হল এগৰাকী অসম সন্তানে।ঝাৰখণ্ডৰ দলভাঙ্গাত যোৱা বুধবাৰ ৭ জুন তাৰিখে ৰাতিপুৱা প্ৰায় ৬-৩০ বজাত মাওবাদীৰে হোৱা ভয়ানক সংঘৰ্ষত শ্বহীদ হল চি আৰ পি এফ ২০৯ নং কোব্ৰা বেটেলিয়েনৰ জোৱান অসম মেঘালয় সীমান্তৰ বাজেংডোবাৰ থৰিকা গাওঁৰ অসমীয়া যুবক জয়ন্ত ৰাভা। আজি শ্বহীদ জয়ন্ত ৰাভাৰ নশ্বৰ দেহ নিজ বাসগৃহ আহি পোৱাৰ লগেলগে গাওঁবাসীৰ মাজত কান্দোনৰ ৰোল উঠে। গাঁওবাসীৰ উপস্থিতিত সম্পুৰ্ণ সামৰিক মৰ্যদাৰে বীৰ শ্বহীদ উৎপল ৰাভাৰ শেষকৃত্য সম্পন্ন কৰা হয়।

Related Articles

Leave a Reply

Close