অসম

টিংখাঙৰ এজন সৰৱ প্ৰকৃতিপ্ৰেমী

টিংখাঙৰপৰা দীপক গগৈ,প্ৰথম খবৰ:এজন ব্যক্তি। গছ ৰোপণ কৰাটো তেওঁৰ চখ। গছৰ পাত খাই ভালপাই তেওঁ। গছৰ পাতেৰে পেপাৰ মাত উলিয়াই বিলাব পাৰে সুৰৰ লহৰ। মানুহজনৰ গছ-গছনিৰ সৈতে এক সাংঘাতিক নিবিড় সম্পৰ্ক। গছৰ সৈতে কথা পাতে,গছৰ পাতেৰে পেপাৰ মাত উলিয়াই যিকোনো গীতৰ সুৰ দিব পাৰে।
মানুহজনৰ নাম নৱ বৰুৱা। টিংখাঙৰ ফেটিঙ্গীবৰ গাঁৱৰ এই লোকজন এজন যাদুকৰ। অসমৰ যাদুৰ জগতখনত তেখেত এন মামা নামেৰে পৰিচিত। প্ৰকৃতি প্ৰেমী গৰাকীয়ে নিজৰ বাৰীত শাৰী-শাৰীকৈ মেহগনি ,বগা চন্দনকে ধৰি বহুতো মূল্যৱান সু-কাঠি গছ ৰোপণ কৰিছে। কেৱল নিজৰ বাৰীতেই নহয় পৰিবেশ সংৰক্ষণত নীৰৱে বিশেষ ভূমিকা গ্ৰহণ কৰি অহা নৱ বৰুৱাই টিংখাঙৰ লগতে কাষৰীয়া বিভিন্ন বিদ্যালয়,চৰকাৰী কাৰ্যালয় আদিৰ চৌপাশে সুকাঠী গছ ৰোপণ কৰি সেউজ বিপ্লৱ সূচনা কৰিছে। নৱ বৰুৱাই বিশেষকৈ অসমৰ জলবায়ুৰ সৈতে বিশেষ খাপ খোৱা মেহগনি আৰু বগা চন্দন ৰোপণৰ বাবে নতুন প্ৰজন্মক উৎসাহিত কৰি আহিছে। উল্লেখযোগ্য যে অতীতৰ ৰজা-মহাৰাজে সচৰাচৰ ব্যৱহাৰ কৰা মেহগনি গছৰ এক কেবিৰ দাম বৰ্তমান সময়ত ১২০০০ টকা হোৱাৰ বিপৰীতে এক কেবি বগা চন্দনৰ দাম প্ৰায় তিনি হাজাৰ টকা। গছ ৰোপণৰ জৰিয়তে এজন লোকে পৰিবেশ সংৰক্ষণত অৰিহণা যোগোৱাৰ লগতে নিজৰ ভৱিষ্যতো সুৰক্ষিত কৰিব পাৰে বুলি উল্লেখ কৰে বৰুৱাই। তেওঁ লগতে উঠি অহা প্ৰজন্মই মেহগনিৰ দৰে মূল্যৱান গছ ৰোপণৰ ওপৰত গুৰুত্ব প্ৰদান কৰিলে ভৱিষ্যতে ই অসমৰ অৰ্থনৈতিক উন্নয়নৰ ক্ষেত্ৰতো বিশেষ প্ৰভাৱ পেলাব বুলি আশা প্ৰকাশ কৰে।

Related Articles

Leave a Reply

Close