অসম

ডাঁহী আঞ্চলিক ছাত্ৰ সন্থাৰ কৃতি ছাত্ৰ ছাত্ৰীৰ বিশেষ অভিনন্দন অনুষ্ঠান

প্ৰথম খবৰ, দেওমৰনৈ: সদৌ দৰং জিলা ছাত্ৰ সন্থাৰ নৱগঠিত ডাঁহী আঞ্চলিক ছাত্ৰ সন্থাৰ আজি কৃতি ছাত্ৰ ছাত্ৰী সকলৰ বিশেষ অভিনন্দন অনুষ্ঠান অনুষ্ঠিত কৰে। এই বেলি ডাঁহী আঞ্চলিক ছাত্ৰ সন্থাৰ অন্তৰ্গত বিদ্যালয় , মহাবিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত, হাইমদ্ৰাছা , উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ অঞ্চলটিলৈ গৌৰৱ কঢ়িয়াই অানিবলৈ সক্ষম হোৱা কৃতি ছাত্ৰ ছাত্ৰী সকলক উৎসাহিত যোগোৱাৰ অৰ্থে দীঘিৰপাৰ উচ্চ মাধ্যমিক বিদ্যালয়ত ডাঁহী আঞ্চলিক ছাত্ৰ সন্থাৰ উপদেষ্টা দিলীপ ডেকাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা বিশেষ অভিনন্দন অনুষ্ঠানত উপস্থিত থাকে সদৌ দৰং জিলা ছাত্ৰ সন্থাৰ সভাপতি খনিন্দ্র ৰাজবংশী , উপসভাপতি নিৰঞ্জন শইকীয়া , বিশিষ্ট উদ্যোগপতি হেমপ্ৰভা দেৱী , শিক্ষক চন্দ্র প্ৰসাদ ডেকাৰ লগতে বিশিষ্ট ব্যক্তি সকল উপস্থিত থাকে। অভিনন্দন অনুষ্ঠান খনি আৰম্ভণি গীতেৰে শুভাৰম্ভণি কৰে ডাঁহী আঞ্চলিক ছাত্ৰ সন্থাৰ শিল্পী বৃন্দই। অভিনন্দন অনুষ্ঠানখনি উদ্বোধন কৰে দীঘিৰপাৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক পৰেশ ডেকাই। আজিৰ এই বিশেষ অভিনন্দন অনুষ্ঠানত ১২৪ গৰাকী কৃতিমানক অভিনন্দন জ্ঞাপন কৰে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close