অসম

ডিমাকুছিত ৰাভা দিৱসৰ প্ৰস্তুতি

ডিমাকুছিৰপৰা তীৰ্থ শৰ্মা,প্ৰথম খবৰ:ওদালগুৰি জিলাৰ ভাৰত ভূটান সীমান্তৰ ভেৰগাঁৱ মহকুমাৰ
ডিমাকুছি আঞ্চলিক জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত অহা ২০জুনত ডিমাকুছিত ৰাভা দিবস উদ্‌যাপন কৰা হ’ব৷ কাৰ্য্যসুচী অনুসৰি ৰাতিপুৱা ৮বজাত পতাকা উত্তোলন কৰিব আঞ্চলিক সমিতিৰ সভাপতি ৰাজীব ডেকাই আৰু স্মৃতি তৰ্পণ কৰিব ডিমাকুছি শাখা সাহিত্য সভাৰ সভাপতি মহেশ শৰ্মাই৷ ১১বজাত বিষ্ণু ৰাভাৰ প্ৰতিমুৰ্তিত মাল্যৰ্পণ কৰিব ওদালগুৰি জিলা সমিতিৰ সম্পাদক জ্যোতি প্ৰসাদ বৰদলৈয়ে৷ দিনৰ ১বজাৰ পৰা অনুষ্ঠিত হ’বলগীয়া মুকলি সভাত সভাপতিত্ব কৰিব আঞ্চলিক সমিতিৰ সভাপতি ৰাজীব ডেকাই৷সভাত মুখ্য অতিথি হিচাপে ওদালগুৰি জিলা সমিতি জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি কণ্ঠ কুমাৰ দাস,সাংগঠনিক সম্পাদক মুকট দাস,সমাজকৰ্মী বিকন ডেকা,নিলয় চলিহা উপস্থিত থাকিব৷ কাৰ্য্যসূচীত ৰাইজৰ সহায় সহযোগ কামনা কৰিছে উদ্যোক্তাই৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close