অসম

দুধনৈত কুৱাত পৰি নিহত কণমানি শিশু

দুধনৈৰপৰা ভৱেশ চন্দ্ৰ ভাগবতী,প্ৰথম খবৰ:দুধনৈ আৰক্ষী থানাৰ অন্তৰ্গত খাৰা দ্বিতীয় খণ্ড গাঁওত আজি এগৰাকী কণমানি শিশুৰ কুৱাত পৰি মৃত্যু হয়। জানিব পৰা মতে আজি বিয়লি প্ৰায় ৩-৩০ বজাত শশ্মিতা বৰ্মণ (৪)নামৰ শিশুটিয়ে খেলি থকা অৱস্থাত দুৰ্ভাগ্যজনকভাৱে ঘৰৰ চৌহদত থকা কুৱাত পৰি মৃত্যুবৰণ কৰে কামৰূপ জিলাৰ বামুণীগাওঁত থকা পিতেশ বৰ্মণৰ একমাত্ৰ কন্যা সন্তান শশ্মিতাই মাক দেউতাকৰ দুধনৈৰ খাৰা দ্বিতীয় খণ্ডত থকা সম্পৰ্কীয় আৰাধণ বৰ্মণৰ ঘৰলৈ আলহী খাবলৈ আহি এই দুৰ্ভাগ্যজনক ঘটনাটি ঘটিবলৈ পালে। এই কৰুণ ঘটনাটোৱে পৰিয়ালটোৰ লগতে অঞ্চলটোত শোকৰ ছাঁ পেলাইছে।

Related Articles

Leave a Reply

Close