অসম

দুধনৈত গোৱালপাৰা জিলা বাঙালী যুব ছাত্ৰ ফেডাৰেচনৰ উদ্যোগত কৃতিমানক সম্বৰ্ধনা

দুধনৈৰপৰা ভবেশ চন্দ্ৰ ভাগৱতী প্ৰথম খবৰ, ২২জুন: গোৱালপাৰা জিলা বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ উদ্যোগত আৰু গোৱালপাৰা জিলা বাঙালী মহিলা ফেডাৰেচনৰ উদ্যোগত আজি দুধনৈ জনমন্দিৰ ভৱন প্ৰাঙ্গণত সদ্যঘোষিত উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত বাঙালী জনগোষ্ঠীৰ যিসকল কৃতিমানে প্ৰথম বিভাগত সফলতাৰে উত্তীৰ্ণ হৈছে তেওঁলোকক অভিনন্দন অনুষ্ঠানৰ জৰিয়তে সম্বৰ্ধনা জ্ঞাপন কৰা হয়। এই উপলক্ষে গোৱালপাৰা জিলা বাঙালী ফেডাৰেচনৰ সভাপতি গোপাল সৰকাৰে সভাপতিত্ব কৰা আৰু জিলা সম্পাদক নাৰায়ন বিশ্বাসে আতঁ ধৰা এক অভিনন্দন অনুষ্ঠানত কৃতিমান সকলক একোখনকৈ উত্তৰীয়, এখন কিতাপ আৰু এখন প্ৰমাণ পত্ৰৰে সম্বৰ্ধনা জনোৱা হয়। আজিৰ এই অনুষ্ঠানত প্ৰথম স্থান অধিকাৰ কৰা উচ্চ মাধ্যমিকৰ ৩৭ গৰাকী আৰু উচ্চতৰ মাধ্যমিকৰ ২৪ গৰাকী মুঠ ৬১ গৰাকী কৃতিমানক সম্বৰ্ধনা জনোৱা হয়। অভিনন্দন অনুস্থানত কৃতি ছাত্ৰ বিদেশত কৰ্ম সংস্থাপন লাভ কৰিবলৈ সক্ষম হোৱা বিবেক দাসে ছাত্ৰ ছাত্ৰী সকলক উদ্দেশ্যি কিদৰে জীৱনত সফলতা লাভ কৰি পাৰি সেই সম্পৰ্কে বহলাই বাখ্যা কৰে। কৃতি ছাত্ৰ ছাত্ৰী সকলৰ পৰাও কেবাগৰাকীয়ে সফলতাৰ আঁৰৰ কাহিনী কয়। এই অনুষ্ঠানত গোৱলপাৰা জিলা ফেডাৰেচনৰ উপদেষ্টা অশোক ৰঞ্জন ভট্টাচাৰ্যী, সুকান্ত বসাক, সম্পাদক পৰিমল সৰকাৰ আৰু মহিলা ফেডাৰেচনৰ সভাপতি সম্পাদিকা ক্ৰমে কামনা দাস আৰু ঝৰণা দত্ত উপস্থিত থাকে।

Related Articles

Leave a Reply

Close