অসম

দুধনৈত তেজেৰে লুতুৰি পুতুৰি যুবক উদ্ধাৰ

দুধনৈৰপৰা ভবেশ চন্দ্ৰ ভাগৱতী প্ৰথম খবৰ:  দুধনৈ আৰক্ষী থানাৰ অন্তৰ্গত আমজোঙাত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত আজি পুৱতি নিশা তেজেৰে লুতুৰি পুতুৰি হৈ এজন যুবকক অচেতন অবস্থাত উদ্ধাৰ কৰা হয়। দুধনৈ আৰক্ষীয়ে ঘটনাৰ খবৰ পাই ১০৮ ৰ সহায়ত উদ্ধাৰ কৰি দুধনৈ চিকিৎসালয়ত ভৰ্তি কৰে যদিও যুবক জনৰ অবস্থা সংকটজনক হোৱাত গোৱালপাৰা অসামৰিক হস্পিতাললৈ প্ৰেৰণ কৰা হয়। যুৱক জনৰ মুৰত যথেষ্ঠ পৰিমাণৰ আঘাত ষ্পষ্ট হৈ আছিল যদিও শৰীৰৰ আন কোনো অংশত আঘাতৰ চিন নছিল। আনহাতে আহত যুবক জনৰ ওচৰত কোনো বাইক নথকা আৰু যুবক জনৰ লগত মোবাইল নোপোৱা বিষয় টোৱে ৰহস্যৰ সৃষ্টি কৰিছে। আনহাতে আৰক্ষীয়ে যুৱক জনক কোনো বাহনে খুন্দিয়াই থৈ যোৱাৰ সন্দেহ প্ৰকাশ কৰিছে। শেহতীয়াকৈ আৰক্ষী সূত্ৰে জানিব পৰা মতে পৰিচয় বিহীন যুৱক জনৰ ইতিমধ্যে গোৱালপাৰাত মৃত্যু ঘটিছে।

Related Articles

Leave a Reply

Close