অসম

দৰঙৰ খাৰুপেটীয়া মহাবিদ্যালয়ত আমছুৰ গুণ্ডাৰাজ

প্ৰথম খবৰ,মংগলদৈ/দেওমৰনৈ: দৰঙৰ খাৰুপেটীয়া মহাবিদ্যালয়ত আমছু সদস্যৰ গুণ্ডাগিৰিৰ অভিযোগ। অভিযোগ অনুসৰি,মহাবিদ্যালয়খনত শিক্ষাৰ্থীৰপৰা বলপূৰ্বক ধনদাবী কৰিছিল একাংশ আমছু সদস্যই। কিন্তু আমছুৰ সদস্যৰ গুণ্ডাগিৰিৰ বিৰোধিতা কৰে এজন ছাত্ৰই। তাৰ পিছতে ছাত্ৰজনক প্ৰহাৰ কৰে একাংশ উদণ্ড আমছু সদস্যই। কলেজ চৌহদতে ছাত্ৰজনক গুৰুলা-গুৰুলকৈ প্ৰহাৰ কৰে আমছুৰ সদস্যসকলে। উন্মত্ত দলটোৰ আক্ৰমণত গুৰুতৰভাৱে আহত হয় ছাত্ৰজন। পিছত আৰক্ষীৰ উপস্থিতিত পৰিস্থিতি নিয়ন্ত্ৰণ কৰা হয়। শ্বহীদ বেদী নিৰ্মাণৰ নামত আমছুৰ সদস্যসকলে খাৰুপেটীয়া মহাবিদ্যালয়ত নামভৰ্তি কৰিবলৈ অহা শিক্ষাৰ্থীৰপৰা ধনদাবী কৰাৰ অভিযোগ উত্থাপিত হৈছে। ঘটনাটোক বিভিন্ন পক্ষই গৰিহণা জনোৱাৰ লগতে উচিত তদন্তৰ দাবী জনাইছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close