অসমশীৰ্ষ

নলবাৰীত ছাত্ৰ ছাত্ৰীক পাঠ্যক্ৰম সহায়ক পুথি-কাগজ বিতৰণ 

প্ৰথম খবৰ, নলবাৰী: নলবাৰীৰ ক্ষুদ্ৰকটলা বৰকুছিস্থিত উত্তৰ নলবাৰী বিদ্যাপীঠ হাইস্কুলত আজি ছাত্ৰ ছাত্ৰী সকলৰ মাজত পাঠ্যক্ৰম সহায়ক পুথি আৰু কাগজ বিতৰণ কৰা হয়। বিদ্যালয় খনৰ ৬৯ গৰাকী ছাত্ৰ ছাত্ৰীক উক্ত পুথি আৰু কাগজ আনুষ্ঠানিক ভাৱে প্ৰদান কৰে নলবাৰী সমষ্টিৰ বিধায়ক অশোক শৰ্মাই। এই সম্পৰ্কে বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি কমলেশ্বৰ ৰাজবংশীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা আৰু যুৱ নেতা অঞ্জন তালুকদাৰে আতঁ ধৰা আজিৰ এই সভাত বিদ্যালয় খনৰ প্ৰধান শিক্ষয়িত্ৰী সৰোজনী দেৱী, ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহক সদস্য প্ৰতুল কলিতা, নলবাৰী জিলা বিজেপিৰ উপ সভাপতি অপূৰ্ব শৰ্মা, বিজেপি নেতা জয়ৰাম বৰ্মন, প্ৰভাত হালৈ, পৰাগ চক্ৰৱৰ্তী, হৰিশ চৌধুৰী, বিদ্যুত হালৈ সহ বহু সংখ্যক ৰাইজ উপস্থিত থাকে। সভাত বিধায়ক অশোক শৰ্মাই ছাত্ৰ-ছাত্ৰী সকলক উদ্দেশ্যি আগবঢ়োৱা ভাষণত শিক্ষাই সকলোৰে মূল বুলি কোৱাৰ লগতে ছাত্ৰ-ছাত্ৰী সকলে অধ্যয়নত মনোনিবেশ কৰাৰ লগতে ভবিষ্যতে সমাজ খনৰো দায়িত্ব ছাত্ৰ-ছাত্ৰীসকলেই বহন কৰিব লাগিব বুলি দোহাৰি ছাত্ৰ-ছাত্ৰী সকলক শিক্ষক সকলৰ পৰামৰ্শ লৈ আগবাঢ়ি যাবলৈ আহ্বান জনায় বিধায়কগৰাকীয়ে। উল্লেখ্য যে নলবাৰী সমষ্টিৰ বিধায়ক অশোক শৰ্মাই তেখেতৰ সমষ্টিৰ শিক্ষানুষ্ঠানসমূহৰ ছাত্ৰ-ছাত্ৰী সকলক প্ৰদান কৰিবলৈ লোৱা পাঠ্যক্ৰম সহায়ক পুথি আৰু কাগজ বিতৰণ কাৰ্যক আদৰি লৈছে ইয়াৰ ৰাইজ আৰু ছাত্ৰ-ছাত্ৰীসকলে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close