অসমশীৰ্ষ

নলবাৰীত তিনি ইৰাণী গ্ৰুপৰ সদস্যক আটক

প্ৰথম খবৰ,নলবাৰী: নলবাৰী আৰক্ষী আৰু ৰেল আৰক্ষীৰ যুটীয়া অভিযানত আজি তিনি ইৰাণী গ্ৰুপৰ সদস্য আটক কৰিবলৈ সক্ষম হৈছে। বৰপেটাৰ পৰা গুৱাহাটী অভিমুখে আহি থাকা অৱস্থাত নলবাৰী ৰেল ষ্টেচনত এই তিনিও জন অপৰাধীক এক গোপন সুত্ৰৰ পম খেদি আটক কৰিবলৈ সক্ষম হয়। আৰক্ষীৰ হাতত ধৃত সদস্য কেইজন হৈছে ক্ৰমে নিকাশ গোৱালা,পাপু গোৱালা আৰু মুন্না গোৱালা। তেওঁলোকৰ স্বীকাৰোক্তিৰ পৰা জানিব পৰা মতে তিনিও জনৰে ঘৰ পশ্চিম বংগৰ জলপাইগুৰিত। আৰক্ষীয়ে তিনিও জনৰ জিম্মাৰ পৰা কিছুমান আপত্তি জনক সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। এই যুৱক কেইজনে বিভিন্ন স্থানত বিভিন্ন ভেলকি বাজিৰে সাধাৰণ লোকৰ পৰা ধন কাঢ়ি নি সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছিল।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close