অসমশীৰ্ষ

নলবাৰীত পাচঁ জিলাৰ মূখ্য সচিব -ডি জি পিৰ উপস্থিতিত এন আৰ চিৰ বিশেষ সভা

প্ৰথম খবৰ,নলবাৰী, ৮ জুনঃ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰনৰ চূড়ান্ত খচৰা ৩০ জুনত ঘোষনা কৰাৰ প্ৰাকমূহুৰ্ত্তত আইন শৃংখলা জনীত সন্দৰ্ভত ৰাজ্যৰ মূখ্য সচিৱ আৰু শীৰ্ষ আৰক্ষী বিষয়াৰ লগতে পাচঁখন জিলাৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষক সকলৰ লগত আজি নলবাৰীৰ উপায়ুক্তৰ সভাকক্ষত এক গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়৷ সভাৰ অন্তত সাংবাদিকৰ সতে হোৱা সাক্ষৎকাৰত ডি জি পি কুলধৰ শইকীয়াই কয় যে, আজিৰ বৈঠকত বিশেষকৈ এন আৰ চিৰ চূড়ান্ত খচৰা প্ৰকাশৰ পাছত সৃষ্টি হব পৰা আইন শৃংখলা জনীত কাৰণ সন্দৰ্ভত আৰু এন আৰ চি প্ৰক্ৰিয়াৰ বিভিন্ন দিশৰ ওপৰতো আলোচনা কৰা হয় বুলি ব্যক্ত কৰে৷

উক্ত বিশেষ সভাত পাচঁ খন জিলা ক্ৰমে নলবাৰী, কামৰূপ, দৰং, বৰপেটা আৰু বাক্সা জিলাৰ উপাযুক্ত আৰু আৰক্ষী অধীক্ষক সকলে অংশ লয়৷ ৰাজ্যৰ মূখ্যসচিব টি ৱাই দাস ও আৰক্ষী বিভাগৰ শীৰ্ষ বৈঠক খনত উপস্হিত থাকে৷

Related Articles

Leave a Reply

Close