অসম

নলবাৰীত মহিলা কংগ্ৰেছৰ শিল্পী নিলোৎপল আৰু অভিজিৎক স্মৰণ

প্ৰথম খবৰ নলবাৰী: নলবাৰী জিলা মহিলা কংগ্ৰেছৰ উদ্যোগত আজি সন্ধিয়া নলবাৰী নাট্য মন্দিৰ প্ৰাংগনত কাৰ্বি আংলং ৰ ডকমকাত দুষ্কৃতিকাৰীৰ হাতত অকালতে নিহত হোৱা দুই শিল্পী নিলোৎপল দাস আৰু অভিজিৎ নাথক স্মৰণ কৰা হয়। জিলা মহিলা কংগ্ৰেছৰ সভানেত্ৰী পাপৰি মালাকৰৰ নেতৃত্বত বন্তি প্ৰজ্বলন কৰি মহিলা কংগ্ৰেছৰ বহু সংখ্যক কৰ্মীয়ে দুই শিল্পীক স্মৰণ কৰে। স্মৰণ কৰি মহিলা কংগ্ৰেছৰ জিলা সভানেত্ৰী মালাকৰে কয় যে – চৰকাৰ এই প্ৰতিভাৱান দুই শিল্পীৰ হত্যাকাৰীক উচিত শাস্তি প্ৰদান কৰক আৰু তেওঁলোকৰ পিতৃ মাতৃক ন্যায় দিবলৈ দাবী জনাই। লগতে এনে ধৰণৰ নৃশংস কাম যাতে আগন্তুক সময়ত নঘটে তাক চকু দিবলৈ চৰকাৰক আহ্বান জনাই কয় যে সংশ্লিষ্ট ঠাই সমূহত সজাগতা অনুষ্ঠান পতাৰ অতি প্ৰয়োজন বুলি দোহাৰে।

Related Articles

Leave a Reply

Close