অসম

নলবাৰীৰ চামতা আঞ্চলিক শাখা সাহিত্য সভাৰ ৰাইজ মেল

প্ৰথম খবৰ,নলবাৰী: নলবাৰীৰ চামতা আঞ্চলিক শাখা সাহিত্য সভাৰ উদ্যোগত আজি চামতা উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাংগনত নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ ৰ বিৰোধিতা আৰু খিলঞ্জীয়া অসমীয়াক সাংবিধানিক ৰক্ষা কবচ প্ৰদানৰ দাবীত এখন বিশাল ৰাইজ মেল অনুষ্ঠিত হয় আৰু গণ স্বাক্ষৰ অভিযান চলোৱা হয়। তদুপলক্ষে অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহ সদস্য গোবিন্দ কলিতাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা ৰাইজ মেলৰ উদ্দেশ্য বাখ্যা কৰে চামতা আঞ্চলিক শাখা সাহিত্য সভাৰ সম্পাদক প্ৰদীপ কুমাৰ বৰ্মনে। ৰাইজ মেলত বিভিন্ন জনে ভাষন ৰাখি নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবী জনোৱাৰ লগতে এন আৰ চি প্ৰকাশৰ পিছত সমগ্ৰ ৰাজ্য, নলবাৰী জিলাতো যাতে কোনেও শান্তি, সম্প্ৰতি বিঘ্নিত কৰাৰ অপচেষ্টা কৰিব নোৱাৰে তাৰ ওপৰত আলোকপাত কৰে। তদুপৰি কু সংস্কাৰ,অন্ধবিশ্বাস,ডাইনী হত্যাৰ দৰে জঘন্য ঘটনা সংঘটিত নোহোৱাৰ কৰিবৰ বাবে বিজ্ঞান সন্মত সজাগতা সৃষ্টি কৰিবলৈ চৰকাৰ -কৰ্তৃপক্ষৰ ওচৰত দাবী জনায়। উল্লেখ্য যে এই ৰাইজ মেলতে পাঁচ শতাধিক ৰাইজৰ মাজত গণ স্বাক্ষৰ অভিযান সম্পন্ন কৰা হয়।

Related Articles

Leave a Reply

Close