অসম

নলবাৰীৰ বৰকুৰিহা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিধায়ক অশোক শৰ্মাৰ পাঠ্যপুথি সহায়ক পুথি -কাগজ বিতৰণ

প্ৰথম খবৰ,নলবাৰী, ৯ জুন: নলবাৰী জিলাৰ বৰভাগৰ অন্তৰ্গত বৰকুৰিহা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আজি নলবাৰী সমষ্টিৰ বিধায়ক অশোক শৰ্মাৰ নিজস্ব প্ৰচেষ্টাত দশম শ্ৰেণীৰ ৬৮ গৰাকী ছাত্ৰ -ছাত্ৰীক( একোজনক ) পাঠ্যপুথি সহায়ক পুথি আৰু পাচঁ দিস্তাকৈ কাগজ প্ৰদান কৰা হয়। বিধায়কৰ হৈ নলবাৰী জিলা বিজেপিৰ উপ সভাপতি অপূৰ্ব শৰ্মাই ছাত্ৰ ছাত্ৰী সকলক মাজত উক্ত পুথি আনুষ্ঠানিক ভাৱে বিতৰণ কৰে। তদুপলক্ষে অনুষ্ঠিত হোৱা অনুষ্ঠানত সহযোগ আগবঢ়াই বিদ্যালয় খনিৰ প্ৰধান শিক্ষক কমল মেধি, সহকাৰী প্ৰধান শিক্ষক অপূৰ্ব ডেকা, শিক্ষক দিলীপ শৰ্মা, বাপুকণ ৰাজবংশী, বিজেপি নেতা খগেন ডেকা, নিৰঞ্জন শৰ্মা সহ বিদ্যালয়ৰ শিক্ষক -শিক্ষয়িত্ৰী, কৰ্মচাৰী সকলে। অনুষ্ঠানত ভাষন ৰাখি বিজেপি নেতা অপূৰ্ব শৰ্মাই কয় যে -ছাত্ৰ ছাত্ৰী সকল দেশৰ ভবিষ্যত। তেওঁলোকে শিক্ষা গ্ৰহণৰ লগতে দেশ -জাতিৰ বাবেও আগবাঢ়িব লাগিব বুলি দোহাৰে। উল্লেখ্য যে উক্ত বিদ্যালয় খনিত বাহঁজানীৰো যথেষ্ট সংখ্যক ছাত্ৰ ছাত্ৰী অধ্যয়ন কৰে। লক্ষ্যণীয় যে বিধায়ক অশোক শৰ্মাৰ এনে ভূমিকাক ৰাইজে প্ৰসংশা কৰে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close