অসম

নাওবৈছাত স্বাস্থ্য পৰীক্ষা শিবিৰ

প্ৰথম খবৰ,নাওবৈছা: দেওবাৰে পূৱ ডিক্ৰং শাখা জ্যেষ্ঠ নাগৰিক সংস্থাৰ অন্তৰংগ অনুষ্ঠানটোৰ লগত সংগতি ৰাখি ভাৰত চৰকাৰৰ সামাজিক ন্যায় আৰু সৱলীকৰন মন্ত্ৰণালয়ৰ অধীনৰ তথা জাগৃতি সন্মিলিত উন্নয়ন কেন্দ্ৰৰ পৰিচালিত ভ্ৰাম্যমাণ চিকিৎসা সেৱা কেন্দ্ৰৰ দ্বাৰা ১ নং বঙালমৰা মিৰি গাওঁত পূৱা ১০ বজাত এটি বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিৱিৰ অনুষ্ঠিত কৰা হয় । এই উপলক্ষ্যে আয়োজিত আনুষ্ঠানিকভাবে ভাৰতীয় খাদ্য নিগমৰ অৱসৰপ্ৰাপ্ত বিষয়া তথা অসম নাট্য সন্মিলনৰ পূৱ ডিক্ৰং বিষ্ণুৰাভা শাখাৰ সভাপতি অয্যোধা পাৱেদেৱে উদ্বোধন কৰা সভাতখনত বঙালমৰা উচ্চত্বৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত সহকাৰী শিক্ষক তথা লখিমপুৰ জিলা জ্যেষ্ঠ নাগৰিক সংস্থাৰ কাৰ্যকৰী সভাপতি হেমচন্দ্ৰ গোস্বামী, বঙালমৰা উচ্চত্বৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ তথা পূৱডিক্ৰং জ্যেষ্ঠ নাগৰিক সংস্থাৰ সভাপতি ধীৰেন শইকীয়া, লালুক উচ্চত্বৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক তথা পূৱডিক্ৰং জ্যেষ্ঠ নাগৰিক সংস্থাৰ প্ৰাক্তন সভাপতি টুনিৰাম শৰ্মা, সদৌ অসম হাইস্কুল কৰ্মচাৰীৰ সংস্থাৰ প্ৰাক্তন সভাপতি তথা খ’ৰা উচ্চত্বৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ জীৱনান্ত বৰা , দৌলতপুৰ উচ্চত্বৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ আব্দুল কাদিৰ, অৱসৰপ্ৰাপ্ত পশু ক্ষেত্ৰ বিষয়া তথা বঙালমৰা গাও পঞ্চায়তৰ সভাপতি জয়চন্দ্ৰ গগৈ, অৱসৰপ্ৰাপ্ত জিলা মীন বিষয়া আটাউৰ ৰহমান, বঙালমৰা উচ্চত্বৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ তথা জাগৃতি সন্মিলিত উন্নয়ন কেন্দ্ৰৰ উপ-সভাপতি আবু চয়িদ খান , লালুক একাডেমিৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক তথা পূৱডিক্ৰং জ্যেষ্ঠ নাগৰিক সংস্থাৰ উপ সভাপতি লীলাৱতী শৰ্মা, অৱসৰপ্ৰাপ্ত পঞ্চায়ত সচিব খলিলুৰ ৰহমান, অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক তোলন চন্দ্ৰ বৰা, অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক তথা সুৰভি শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি কিৰন পাৱে, ধুনাগুৰি উচ্চ ইংৰাজী বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক তথা বঙালমৰা উচ্চত্বৰ মাধ্যমিক বিদ্যালয়ৰ পৰিচালনা আৰু উন্নয়ন সমিতিৰ সভাপতি যোগেন বৰাদেৱকে প্ৰমূখ্য কৰি ভালেকেইজন শিক্ষাবিদ, বিশিষ্ট ব্যক্তি উপস্থিত থাকে । জাগৃতি সন্মিলিত উন্নয়ন কেন্দ্ৰৰ সম্পাদক গৌতম কুমাৰ শইকীয়া তত্বাৱধানত ডঃ বিজিত দেউৰীদেৱে চিকিৎসা চিকিৎসা সেৱা আগবঢ়োৱা শিৱিৰ টোত সংগঠক দিপ মহন্তৰ নেতৃত্বত নাৰ্ছদ্বয় তপন শইকীয়া আৰু শেৱালী বৰগোহাঞি, সহায়িকাদ্বয় দিপাঙ্কৰ হাজৰিকা আৰু মৃদুলা শইকীয়াই সেৱা আগবঢ়ায় । উক্ত শিৱিৰ টোত প্ৰায় ১০৭ গৰাকী বয়স্ক পুৰুষ আৰু মহিলাৰ বিনামূলীয়াকৈ স্বাস্থ্য পৰীক্ষা আৰু ঔষধ যোগান ধৰা হয় । বিয়লি ১-৩০ বজাৰ পৰা পূৱডিক্ৰং শাখা জ্যেষ্ঠ নাগৰিক সংস্থাৰ সভাপতি ধীৰেন শইকীয়াদেৱৰ সভাপতি ত্বত বিভিন্ন অঞ্চলৰ পৰা অহা জ্যেষ্ঠ নাগৰিক সকলৰ মাজত এটি অন্তৰংগ আলাপৰ অনুষ্ঠান অনুষ্ঠিত হয় । উক্ত অনুষ্ঠানতে জ্যেষ্ঠ নাগৰিকৰ বাবে চৰকাৰীভাবে সংৰক্ষিত ব্যৱস্থা সমূহৰ বিষয়ে সভাত বিস্তৃত আলোচনা কৰাৰ লগতে সূবিধা সমূহ গ্ৰহণৰ বাবে আহ্বান জনায় ।

Related Articles

Leave a Reply

Close