অসম

নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বিৰুদ্ধে টিংখাঙত চাহ শ্ৰমিক মুক্তিৰ উত্তাল প্ৰতিবাদ

টিংখাঙৰপৰা দীপক গগৈ,প্ৰথম খবৰ: নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ ৰ বিৰোধিতাৰ লগতে চাহ শ্ৰমিকক অতি শীঘ্ৰে ভূমি পত্তা প্ৰদান কৰা, শ্ৰমিকৰ মজুৰি বৃদ্ধি কৰা আদি দাবীত সোমবাৰে চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতিয়ে টিংখাঙৰ ৰাজগড়ত এক উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। অসমৰ জাতি,মাটি,ভেটি তথা ভাষা-সংস্কৃতিৰ প্ৰতি প্ৰৱল ভাবুকি কঢ়িয়াই অনা জাতিধ্বংসী বিধেয়কখনৰ বিৰোধিতা কৰি ৰাজগড়ৰ ৰাজপথত এক বিশাল প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে শ্ৰমিক সংগঠনটোৱে। কৃষক মুক্তি সংগ্ৰাম সমিতি,ছাত্র মুক্তি সংগ্ৰাম সমিতিয়ে সহযোগ আগবঢ়োৱা উক্ত প্ৰতিবাদী কাৰ্যসূচীত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় যুতীয়া সম্পাদক ধৈৰ্য কোঁৱৰে অংশগ্ৰহণ কৰে। প্ৰায় দেৰ শতাধিক প্ৰতিবাদকাৰীয়ে ৰাজগড়ৰ ৰাজপথৰে এই সমদল বাহিৰ কৰি ” RSS মুৰ্দাবাদ” “বিজেপি গ’ বেক”, “বিজেপি হায় হায়, “নৰেন্দ্ৰ মোদী মুৰ্দাবাদ “,” চাহ শ্ৰমিকক মাটিৰ পট্টা প্ৰদান কৰক ” আদি প্ৰতিবাদী শ্ল’গানেৰে পৰিবেশ উত্তাল কৰি তোলে। আনহাতে প্ৰতিবাদী সকলে টিংখাং ৰাজহ চক্ৰ কাৰ্যালয় ঘেৰাও কৰি দীৰ্ঘসময় ধৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি পৰিবেশ উত্তপ্ত কৰি তোলে। প্ৰতিবাদকাৰীয়ে নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰা,চাহ শ্ৰমিকক মাটিৰ পট্টা প্ৰদান কৰা,শ্ৰমিকৰ দৈনিক মজুৰি ৪০০ টকালৈ বৃদ্ধি কৰা আদি সাতটা দাবী সম্বলিত এখন স্মাৰকপত্ৰ টিংখাং ৰাজহ চক্ৰ বিষয়াৰ হাতত অৰ্পণ কৰে।

প্ৰতিবাদী সমদলত অংশগ্ৰহণ কৰি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় নেতাগৰাকীয়ে নাগৰিকত্ব সংশোধনী বিধেয়ক অসমত কোনোপধ্যেই কাৰ্যকৰী কৰিবলৈ দিয়া নহ’ব বুলি জনায়। তেওঁ লগতে এই ক্ষেত্ৰত অগপৰ নেতৃবিন্দৰ দুমুখীয়া নীতিক তীব্ৰ ভাষাৰে ধিক্কাৰ প্ৰদান কৰি সৎ সাহস আছে যদি অগপৰ তিনি মন্ত্ৰীক পদত্যাগ কৰি মিত্ৰজোটৰ পৰা ওলাই অহাৰ আহ্বান জনায়।

Related Articles

Leave a Reply

Close