অসম

নাজিৰাত বাগিছাৰ নলা খান্দোতেই উদ্ধাৰ ঐতিহাসিক সমল: প্ৰশাসনৰ সংৰক্ষণৰ ব্যৱস্থা

প্ৰথম খবৰ নাজিৰা: ঐতিহাসিক সমলেৰে ভৰপুৰ শিৱসাগৰ জিলাৰ বিভিন্ন প্ৰান্তত আজিও সিঁচৰিত হৈ আছে বহু পৌৰাণিক সম্পদ৷ বৃহস্পতিবাৰে নাজিৰা বামুনপুখুৰী চাহ বাগিচাৰ ২৬ নম্বৰ চেক্টৰত বাগিচাৰ নলা খান্দি থাকোতে উদ্ধাৰ হল ১৭৯ খন যাঁঠি সদৃশ আহোম যুগৰ যুদ্ধৰ আহিলা৷ উক্ত সামগ্ৰী খিনি উদ্ধাৰ হোৱা ঘটনাই পুণৰ আহোম যুগৰ ইতিহাস সোঁৱৰাই দিছে৷ ৰাজ্যৰ পুৰাতত্ব বিভাগৰ সংৰক্ষণৰ অভাৱত ছশ বছৰীয়া পৌৰাণিক সম্পদ সমূহ প্ৰায়ে ধ্বংস দিশলৈ গতি কৰিছে৷ কিন্তু প্ৰায়েই আহোম যুগৰ সম্পদ উদ্ধাৰ হৈ থাকে অবিভক্ত শিৱসাগৰ জিলাত৷ নাজিৰা বামুণপুখুৰী চাহ বাগিছাত নতুনকৈ চাহ গছৰ পুলি ৰোপন কৰি থকা অৱস্থাত বাগিচাৰ এটা পানী যোৱা নলা খান্দি থকা অৱস্থাত এখন এখন কৈ মুঠ ১৭৯ খন আহোম যুগৰ যুদ্ধৰ আহিলা উদ্ধাৰ কৰে৷ আহোম যুগৰ পৌৰাণিক যুদ্ধৰ আহিলা সমুহ উদ্ধাৰ কৰাৰ পাছত বাগিছাৰ কতৃপক্ষই উদ্ধাৰ হোৱা সামগ্ৰী সমূহৰ বিষয়ে প্ৰশাসনক অৱগত কৰাত বৰ্তমান প্ৰশাসনে সংৰক্ষণৰ ব্যৱস্থা কৰিছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close