অসম

নাজিৰা মহকুমা প্ৰশাসনৰ বিশ্ব পৰিবেশ দিৱস পালন

 

শিমলুগুৰিৰপৰা নেকিবুল হক, প্ৰথম খবৰ: সমগ্ৰ দেশৰ লগতে নাজিৰা মহকুমা সদৰতো আজি দিনজোৰা কাৰ্য্যসূচীৰে মহকুমাটোৰ বিভিন্ন অঞ্চলত বিশ্ব পৰিবেশ দিৱস পালন কৰা হয়।

এই উপলক্ষ্যে আজি পুৱাৰ ভাগত মহকুমাধিপতি কাৰ্য্যালয়ৰ চৌহদত কাৰ্য্যালয়ৰ বিষয়া কৰ্মচাৰীৰ অংশগ্ৰহনত বৃক্ষৰোপন কাৰ্য্যসূচীৰ শুভাৰম্ভ কৰে অতিৰিক্ত উপায়ুক্ত তথা মহকুমাধিপতি ৰাজীৱ থাপাই।
ইয়াৰ পিছতে স্থানীয় গড়গাঁও মহাবিদ্যালয়ৰ এন এছ এছ বাহিনী আৰু ইকো ক্লাবৰ উদ্যোগত তথা নাজিৰা মহকুমা প্ৰশাসনৰ সহযোগত আৰু ছাত্ৰ -ছাত্ৰীৰ অংশগ্ৰহনত প্লাস্তিক প্ৰদুষণ ৰোধ কৰাৰ ওপৰত অনুস্থিত হয় সজাগতামুলক সভা।
সভাত এন এছ এছ বাহিনীৰ ছাত্ৰ -ছাত্ৰী সকলৰ দ্বাৰা প্লাস্তিক প্ৰদুষণ ৰোধ কৰাৰ ওপৰত সাজি উলিওৱা বিভিন্ন আৰ্হিৰ মদেল উপস্থাপন কৰা হয়। অনুস্থানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি মহকুমাধিপতি থাপাই প্লাস্তিকৰ সামগ্ৰী আমাৰ দৈনন্দিন জীৱনত পাৰ্য্যমানে কমকৈ ব্যৱহাৰ কৰা, পেলনীয়া প্লাস্তিকৰ সামগ্ৰীৰ দ্বাৰা যাৱতীয় সামগ্ৰী তৈয়াৰ কৰা আৰু পেলনীয়া প্লাস্তিকৰ সামগ্ৰী বিভিন্ন প্ৰক্ৰিয়াৰ দ্বাৰা পুনৰ ব্যৱহাৰৰ উপযোগী কৰি প্লাস্তিক প্ৰদুষণ নিয়ন্ত্ৰণ কৰাৰ উপৰত তথ্য সহকাৰে গুৰুত্বপূৰ্ন মন্তব্য আগবঢ়ায়।
মহকুমাধিপতিৰ উপৰিও উক্ত সভাত অংশগ্ৰহন কৰে সহকাৰী আয়ুক্ত অদিতি বৰ্মন, জনস্ংযোগ বিষয়া জয়ন্ত মাউত, গড়গাঁও মহাবিদ্যালয়ৰ প্ৰবক্তা ড° ৰিমঝীম বৰা তথা নাজিৰা উচ্চতৰ আৰু বহুমুখী বিদ্যালয়ৰ শিক্ষক- শিক্ষয়ত্ৰী আৰু ছাত্ৰ ছাত্ৰী সকলে। লক্ষনীয়ভাবে নাজিৰা উচ্চতৰ আৰু বহুমুখী বিদ্যালয়ৰ ছাত্ৰ দীকশীত শইকীয়াই ‘কৰতল কমল’ ৰ আৰ্হিত আ-কাৰ, ই-কাৰ নোহোৱাকৈ প্লাস্তিক প্ৰদুষণ আৰু ইয়াৰ উপৰত প্ৰয়োজনীয় সজাগতা সৃষ্টিক বিষয়বস্ত হিচাবে লৈ ৰচনা কৰা এটি আকৰ্ষনীয় কবিতা মহকুমাধিপতি ৰাজীৱ থাপাক অৰ্পণ কৰে।
অন্যহাতেদি বিহুবৰবাসী ৰাইজৰ উদ্যোগত পালন কৰা বিশ্ব পৰিবেশ দিৱসৰ কাৰ্য্যসূচীত বিহুবৰ ৰঙাজান প্ৰাথমিক বিদ্যালয়, বিহুবৰ শিলনী মধ্য ইংৰাজী বিদ্যালয় আদিকে ধৰি কেইবাখনো বিদ্যালয়ত বৃক্ষৰোপণ কাৰ্য্যসূচী স্থানীয় ৰাইজ আৰু মহকুমা প্ৰ্শাসনৰ দ্বাৰা সম্পন্ন কৰা হয়।
নাজিৰাৰ ৰাজহ চক্ৰ বিষয়া ড° গনেশ চন্দ্ৰ দাসৰ প্ৰত্যক্ষ সহযোগত অনুস্থিত আজিৰ কাৰ্য্যসূচীত ছাত্ৰ- ছাত্ৰী সকলৰ লগত পৰিবেশ সজাগতাৰ উপৰত বিভিন্ন বিদ্যায়তনিক বিষয়ক সামৰি মহকুমাধিপতি আৰু চক্ৰ বিষয়াই মত বিনিময় কৰে। সমান্তৰাল ভাবে নাজিৰা গাঁও পঞ্চায়তৰ অন্তৰ্গত স্থানীয় চেলেংপথাৰ অঞ্চলত বৃক্ষৰোপণ কৰে কোষাগাৰ বিষয়া তপনজিত ডেকা আৰু পশু চিকিৎসক ডা° জগদীশ বৰ্মণে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close