অসম

নীলোৎপল -অভিজিতৰ হত্যাকাৰীক দৃষ্টান্তমূলক শাস্তিৰ দাবীত নলবাৰীত মৌন সমদল

প্ৰথম খবৰ নলবাৰী: নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আজি সন্ধিয়া কাৰ্বি আংলং জিলাৰ ডকমকাৰ পাণজুৰি কছাৰী গাঁওত দুই শিল্পী নীলোৎপল দাস আৰু অভিজিৎ নাথৰ নৃশংস হত্যাকাণ্ডত জড়িত দোষীক চিনাক্ত কৰি দৃষ্টান্তমূলক শাস্তি দিয়াৰ দাবীত নলবাৰী চহৰত মৌন সমদল উলিওৱা হয়। বহু সংখ্যক ছাত্ৰ কৰ্মীয়ে মুখত ক’লা কাপোৰ বান্ধি হাতে হাতে মমবাতি লৈ চহৰৰ বিভিন্ন পথ পৰিভ্ৰমণ কৰে। নলবাৰী আঞ্চলিক ছাত্র সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি ৰুবুল বৰ্মন আৰু সম্পাদক নীলকমল বৰ্মনৰ নেতৃত্বত উলিওৱা সমদলটোত জিলা ছাত্র সন্থাৰ সভাপতি গুণজ্যোতি পাঠক আৰু সম্পাদক অক্ষয় ডেকায়ো অংশগ্ৰহণ কৰে। সমদলত চহৰৰ আন বহু লোকেও স্বতঃস্ফূৰ্তভাবে অংশগ্ৰহণ কৰে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close