অসম

নৱ গঠিত নৱম শ্ৰেণী অনুমতি প্ৰাপ্ত শিক্ষক কৰ্মচাৰী গোটলৈ সহাযোগিতাৰ আহ্বান সভাপতি – সম্পাদকৰ 

চাংসাৰিৰপৰা পঙ্কজ নাথ, প্ৰথম খবৰ: অসম চৰকাৰৰ শিক্ষা বিভাগৰ দ্বাৰা লোৱা কিছু সিদ্ধান্তৰ বিৰুদ্ধে সৰব হৈ পৰিছে শিক্ষক সমাজ। এই বাবেই চলিত সপ্তাহৰ আগফালে অসম মাধ্যমিক শিক্ষা বোৰ্ড অধীনস্থ এক জানুৱাৰী ২০১৬ ত নৱম শ্ৰেণী অনুমতি পোৱা শিক্ষক কৰ্মচাৰী একাংশই শিক্ষা সংশোধনী বিল ২০১৮ ৰ আসোৱাহ দূৰ কৰিবলৈ চৰকাৰক হেচা দিবৰ বাবে কামৰূপৰ ছয়গাওৰ চম্পক নগৰ হাইস্কুলত এখন ‘নৱম শ্ৰেণীৰ অনুমতি প্ৰাপ্ত শিক্ষক কৰ্মচাৰীৰ গোট গঠন কৰিছে বুলি সাংবাদিকক জানিবলৈ দিয়ে সেইদিনা গঠন হোৱা গোটটোৰ সম্পাদক বিজিত শৰ্মাই। চৰকাৰৰ দ্বাৰা শিক্ষাক লৈ গ্ৰহণ কৰা কিছু সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰিবলৈ নতুনকৈ গঠন হোৱা গোটটোত সৰ্ব সন্মতি ক্ৰমে সভাপতি হিচাপে দীপক শৰ্মা আৰু সম্পাদক হিচাপে খোদ বিজিত শৰ্মাক দায়িত্ব দিয়া হয় বুলি জানিবলৈ পোৱা গৈছে। পৰৱৰ্তী পৰ্যায়ত উক্ত গোটটোৰ দ্বাৰা পৰিচালিত হবলগীয়া আন্দোলনত সহায় সহযোগিতা আগবঢ়াবলৈ সমগ্ৰ অসমৰ নৱম শ্ৰেণীৰ অনুমতি প্ৰাপ্ত শিক্ষক কৰ্মচাৰীক ৭৫৭৭৮৩৭৬৪৩ আৰু ৯৯৫৪১০৩২৬২ মোৱাইল নম্বৰত যোগাযোগ কৰিবলৈ সংগঠনটোৰ সভাপতি ও সম্পাদকে সংবাদ মাধ্যমৰ জৰিয়তে আহ্বান জনাইছে।

Related Articles

Leave a Reply

Close