অসম

পশ্চিম কাৰ্বি আংলঙত নেৰানেপেৰা বৰষুণত স্তব্ধ সাধাৰণ জীৱন যাত্ৰা

খেৰণিৰপৰা কনক দেউৰী, প্ৰথম খবৰ: পশ্চিম কাৰ্বি আংলঙত যোৱা দুদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণে স্তব্ধ কৰি তুলিছে সাধাৰণ জীৱন যাত্ৰা। আনকি ঠায়ে ঠায়ে কৃত্ৰিম বানৰো সৃষ্টি হৈছে। বিশেষকৈ গুৰুত্বপূৰ্ণ আৰু ব্যস্ততাপূৰ্ণ গৰকাপ্তানী পথ সমূহত কাঠৰ দলং ভাঙি স্থায়ীভাৱে পকীদলং নিৰ্মান কৰিবলৈ লোৱা কামবোৰ সম্পূৰ্ণ নকৰাৰ ফলত বহুত ঠাইত যাতায়ত ব্যাহত হৈ পৰিছে। পশ্চিম কাৰ্বি আংলং জিলা সদৰ ঠাই হামৰেনত গৰকাপ্তানী পথ আৰু উত্তৰ-পূৱ পৰিষদৰ অধীনৰ পথৰ ওপৰত নিৰ্মাণ কৰিবলৈ লোৱা চাৰিখন কৈ পকী দলং প্ৰায় চাৰি-পাঁচ বছৰ ধৰি নিৰ্মান সম্পূৰ্ণ নকৰাৰ পৰিণতিত সাধাৰণ ৰাইজে যমৰ যাতনা ভুগিব লগত পৰিছে। দুদিন ধৰি জিলাখনত হোৱা নেৰানেপেৰা বৰষুণত উপ পথ সমূহৰ ওপৰত পানী বাগৰি যাতায়ত বন্ধ হৈ পৰিছে। এই দৃশ্য মূখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ গৃহ সমষ্টিৰ অন্তৰ্গত খেৰণি-ডংকামোকাম গড়কাপ্তানী পথৰ টেলেহত দেখিবলৈ পোৱা গৈছে। যোৱা কালিৰে পৰা ডংকামোকাম-খেৰণিৰ মাজত যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে। সম্প্ৰতি বানত বুৰ গৈছে উক্ত গড়কাপ্তানী পথটো। বিপদ সংকুল অৱস্থাত তেলেহৰত অস্থায়ী সাঁকো সাজি পুৰুষ-মহিলা, ছাত্ৰ-ছাত্ৰীৰ পাৰাপাৰ হব লগাত পৰিছে। সম্পূৰ্ণৰূপে ব্যাহত হৈ পৰিছে যান বাহনৰ চলাচল। বানক লৈ কৃষকৰ মাজতো হাহাকাৰ বৃহত্তৰ অঞ্চলটোত। এই জুৰিটোৰ ওপৰত বিগত 6 -7 বছৰে ঠিকাদাৰে নিৰ্মাণ সম্পূৰ্ণ কৰা নাই পকী দলং খন। জিলাখনত কি কংগ্ৰেছ,কি বিজেপি সেই একেই অপৰিৱৰ্তিত উন্নয়ন আৰু বিকাশৰ ছবি দেখিবলৈ পোৱা গৈছে জিলাখনৰ বিভিন্ন প্ৰান্তত। যাৰ ফলতঃ স্কুলীয়া ছাত্ৰ ছাত্ৰীকে ধৰি সাধাৰণ ৰাইজে বছৰ বছৰ ধৰি দুৰ্ভোগ ভুগিব লগাত পৰিছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close