অসম

পাগলদিয়াৰ দুয়ো পাৰ পৰিদৰ্শন বন বিভাগৰ ব্ৰেণ্ড এম্বেচেদৰ আনন্দ খাটনিয়াৰ 

প্ৰথম খবৰ,নলবাৰী: আজি আবেলি নলবাৰীৰ মাজেৰে বৈ যোৱা পাগলাদিয়া নৈৰ দুয়োপাৰ পৰিদৰ্শন কৰে অসম চৰকাৰৰ বন বিভাগৰ ব্ৰেণ্ড এম্বেচেদৰ আনন্দ খাটনিয়াৰে। নলবাৰী জিলা সামাজিক বনানীকৰণ বিষয়া দিলীপ ডেকাৰ লগতে বিজেপিৰ কিষান মৰ্চাৰ নেতা তথা শিল্পী সন্থাৰ বিষয়ববীয়া মনোজ বৰ্মন, শিল্পী অমৰ কিৰণ, প্ৰাণজিৎ লোচন শৰ্মা, ফণীধৰ তালুকদাৰক লগত লৈ বন বিভাগৰ ব্ৰেণ্ড এম্বেচেদৰ গৰাকীয়ে নলবাৰীৰ সন্ধা এলেকাত পৰিদৰ্শন কৰি আপ্লুত হৈ পৰে। পিছত তেওঁ পাগলাদিয়াৰ দুয়ো পাৰে সেউজীয়াকৰণ কৰাৰ বাবে পৰিদৰ্শন কৰা বুলি ৰাইজক অৱগত কৰি কয় যে, পাগলাদিয়াৰ উন্মুক্ত হৈ থকা দুয়ো পাৰে ফল মুলকে ধৰি বিভিন্ন প্ৰজাতিৰ মূল্যবান গছ গছনি ৰোপনৰ জৰিয়তে জৈৱ বৈচিত্ৰতা ৰক্ষা কৰাৰ বাবে সকলো পক্ষকে আহ্বান জনাই আৰু এই সেউজীকৰণৰ কাম শীঘ্ৰে কৰা হব বুলি আশ্বাস প্ৰদান কৰে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close