বিনোদনশীৰ্ষৰাষ্ট্ৰীয়

পিচি, বিবিচি আৰু বি-টাউনৰ হট গছিপ

ডেডীজ লিল্ গাৰ্লৰ বেগ-বয়ফ্ৰেণ্ড কথা

 এণ্টাৰটেইনমেণ্ট ডেস্ক, প্ৰথম খবৰ: বি-টাউনত এতিয়া ট্ৰেণ্ডিং বিবিচি অৰ্থাৎ বেগ, বয়ফ্ৰেণ্ড আৰু চোপ্ৰা। চোপ্ৰা মানে প্ৰিয়ংকা চোপ্ৰা। হয়, প্ৰিয়ংকা চোপ্ৰা বৰ্তমান লাইমলাইনত। প্ৰিয়ংকাৰ লগতে টক অব্ দ্য টাউন হৈ পৰিছে এটা বেগ। এই বিশেষ বেগটো দেখা গৈছে ডেডীছ লিল্ গাৰ্লৰ হাতত। য’ত কেৱল মাত্ৰ কিছু লাগতিয়াল বস্তুহে থ’ব পৰা যায়। প্ৰিয়ংকাৰ হাতত থকা বটেগা ৱেনেটা ব্ৰেণ্ডৰ এই বেগটোৰ মূল্য ৪ লাখ ৬০ হাজাৰ টকা।

বৰ্তমান প্ৰিয়ংকা চোপ্ৰাক হলিউডৰ চেলিব্ৰেটী অভিনেতা নিক জ’নছৰ সৈতে এটা সু-সম্পৰ্কত  থকা বুলি চৰ্চা প্ৰায়ে চলি আহিছে। ইয়াৰ উপৰিও চৰ্চিত অভিনেতাজনৰ সৈতে প্ৰিয়ংকা চোপ্ৰাক এতিয়া নিউৱৰ্ক চহৰত ‘ডিনাৰ ডেট’ত দেখা পোৱা গৈছে। এই ‘ডিনাৰ ডেট’ত প্ৰিয়ংকাক দেখা পোৱা গৈছিল নীলা ৰঙৰ এযোৰ সাধাৰণ পোছাকৰ সৈতে হাতত এটা বগা ৰঙৰ জেকেট।

বেগ, বয়ফ্ৰেণ্ডৰ চৰ্চা চলি থকাৰ সময়ত কিছু সাৱধান হৈছে নেকি প্ৰিয়ংকা। বৰ্তমান বাতৰি সমূহত এই  বিষয়টো বহু চৰ্চিত হৈ থকাৰ বাবে প্ৰিয়ংকাই কেমেৰাৰ সন্মুখৰ পৰা হাত সাৰিবলৈ অভিনেতা নিক’ৰ সৈতে খোজত খোজ নিমিলাই দূৰত্ব বজাই চলিছে। যোৱা বছৰ প্ৰিয়ংকা আৰু নিক মেট গালাৰ বাবে একেলগে অহা দেখা গৈছিল যদিও একেজন ডিজাইনাৰৰ কাপোৰ পৰিধান কৰাৰ বাবে একেলগে অহা বুলি উত্থাপন কৰিছিল।

 

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close