Uncategorized

পৰিচয়

অনুৰূপা ডেকা

ডেই পুৰি নিয়া ৰদটোক ভেঙুচালি কৰি
ধূলিয়ৰি বাটটোৰে তাই গৈ আছিল
জাৰজ সপোনবোৰেও কাষেদি বাট বুলিছিল
আকাশলৈ চাবলৈ তাইৰ সত যোৱা নাছিল
অসাৰ মনটোক জোকাই চাবলেকে যেন
টোপকৈ সৰি পৰিছিল ঘাম দুটোপাল
আহ: ই কি যে হিমচেঁচা !!
বিদ্ৰোহী শৰীৰটোৱে লাহেকৈ
মনটোক হেঁচুকি দিছিল
সন্মুখত সেউজীয়া অদূৰত লানি নিচিগা পাহাৰ
চহাই থোৱা হেজাৰলিচা মাটি,
কাষতে ৰোৱা জাৰজ সপোনবোৰে
হঠাতে পৰিচয় বিচাৰি আমনি কৰিলে
কিহবাৰ তাৰনাত তাই আকাশলৈ মূৰ তুলি চালে
আকাশখন মেঘে ওন্দোলাই অানিছে
এটোপাল বৰষুণ তাইৰ চকুৰ পতাত
আৰু এটোপ আকৌ এটোপ…টোপালবোৰে
বুকুত লৈ ফুৰা বোজাটো চপৰা চপৰে খহাই নিলে
পথাৰখন পানীৰে চপচপীয়া হৈ পৰিল
বৰ হেঁপাহেৰে তাই এটা এটাকৈ
সপোনবোৰ সিঁচি দিলে
ঠিক চিত্ৰপতৰ সাধুকথাৰ দৰে
বেলিটোৱে কৰপৰা জানো আহি তাইৰ গালে মূখে
হেঙুলীয়া ৰহন সানি দিলে
মূৰ তুলি দেখে পাহাৰটোৰ সিপাৰে ৰামধেনুখনে
হাতবাউল দিছে
তাই এখোজ সন্মূখলৈ বুলি আগবাঢ়িল
বাটৰ ধূলিবোৰ চাগে বৰষুণজাকে মাৰি নিলে
চন পৰা ভেটিতো এবাৰ চাই আহিব নেকি তাই!!
তাইৰ সত নগল
পথৰুৱা আলিটোৱেদি তাই বাট বুলিলে
ৰাঙলী বেলিটো,ৰামধেনুখন তাইৰ সাৰথি হল
পানী যুৱলিত এবাৰ তাই নিজক চালে
তাইৰ চাঁটো পথাৰখনৰ সৈতে ওমলি একাত্ম হৈছে..
এই প্ৰথম তাই নিজক হেঁপাহ পলুৱাই চালে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close