অসম

পৱিত্ৰ ঈদ-উল-ফিটৰলৈ আপকুৰ শুভেচ্ছা

ফিল’বাৰীপৰা সুৰজিৎ বড়া,প্ৰথম খবৰ:ইছলাম ধৰ্মাৱলম্বী লোকে একমাহ ৰোজা পালন কৰাৰ পাছত পালন কৰিব পৱিত্ৰ ঈদ-উল-ফিটৰ৷ আসাম প্ৰেছ ক’ৰেছপণ্ডেণ্টছ ইউনিয়ন(আপকু)ৰ কেন্দ্ৰীয় সমিতিয়ে ঈদ উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰিছে৷ আপকুৰ কেন্দ্ৰীয় সভাপতি মনোজ সিং কাৰ্যকৰী সভাপতি মৌচমজ্যোতি বৈশ্য আৰু সম্পাদক প্ৰধান হেমন্ত শইকীয়াই পৱিত্ৰ ঈদল-ফিটৰে বিভিন্ন ধৰ্মাৱলম্বী লোকৰ মাজত ভাতৃত্ববোধ গঢ়ি তোলাৰ উপৰি সমাজলৈ সুখ-শান্তি,সমৃদ্ধি কঢ়িয়াই আনিব বুলি আশা প্ৰকাশ কৰিছে ৷ সম্প্ৰতি সমগ্ৰ অসমত নানা অসূয়া অমংগল এই প্ৰবিত্ৰ দিনতে নাশ হ’ব বুলি আশা প্ৰকাশ কৰিছে। আনহাতে তিনিচুকীয়া জিলা সমিতিৰ সভাপতি ৰবীন মৰাণ আৰু সম্পাদক মনোৰঞ্জন নেওগেও শুভেচ্ছা জ্ঞাপন কৰিছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close