অসম

ফিল’বাৰীত গোৰ্খা ছাত্ৰ সন্থাৰ শ্ৰদ্ধাঞ্জলি অনুস্থান

ফিল’বাৰীৰপৰা সুৰজিৎ বড়া প্ৰথম খবৰ: অাজি বৃহস্পতিবাৰে সদৌ
অসম গোৰ্খা ছাত্ৰ সন্থা, ফিল’বাৰী আঞ্চলিক সমিতিৰ কাৰ্য্যালয়ত সন্থাৰ উদ্যোগত পৃথক পৃথককৈ দুখনি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয়। গোৰ্খা সাহিত্যৰ অন্যতম উপাদান হিচাপে অন্তৰ্ভূক্ত , “হামি গোৰ্খা,হামি ভাৰতীয়” গ্ৰন্থৰ লেখক পূৰ্ণ ছেত্ৰীৰ বিয়োগত সন্থাই গভীৰ শোক প্ৰকাশ কৰি তেখেতৰ বিদেহী আত্মাৰ সদ্গতি কামনাৰে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰি গভীৰ শোক প্ৰকাশ কৰিছে উপস্থিত থকা সকলো ব্যক্তিয়ে। ইয়াৰ লগতে কাৰ্বিআংলত কেইজনমান পৈশাচিক মনোবৃত্তিৰ নৰপিশাচৰ জিঘাংসাৰ বলি হৈ অকাল মৃত্যুক সাৱটি লোৱা দুগৰাকী প্ৰতিভাৱান অসম সন্তান অভিজিত আৰু নিলোৎপললৈও গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। সন্থাৰ ফিল’বাৰী আঞ্চলিক ল সমিতিৰ সভাপতি শংকৰ ছেত্ৰীয়ে আঁত ধৰা অনুষ্ঠানত উপস্থিত থাকে উপদেষ্টা দীপক শৰ্মা ৰ লগতে সন্থাৰ সকলো বিষয়বৱীয়া সকল। ইয়াৰ যোগেদি অসমৰ সকলো জাতি-জনগোষ্ঠী পাহাৰ -ভৈয়ামৰ মানুহৰ মাজত একতা আনি জীয়াই থকাৰ অধিকাৰ উপভোগ কৰিবলৈ সংগঠনটোৱে আহ্বান জনাইছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close