অসম

বটদ্ৰৱাত কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাক স্মৰণ

প্ৰথম খবৰ,জাজৰি:অসমৰ জাতীয় জীৱনৰ প্ৰবাদ প্ৰতীম পুৰুষ কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ ৪৯ তম স্মৃতি দিৱস আজি বটদ্ৰৱাত আলিপুখুৰী শাখা সাহিত্য সভাৰ উদ্যোগত বিভিন্ন কাৰ্যসূচীৰ মাজেৰে উদযাপন কৰা হয়। পুৱাৰ ভাগত বটদ্ৰৱা শ্ৰীমন্ত শংকৰ দেৱ পুথিভড়াল প্ৰাঙ্গনত এই উপলক্ষে বন্তি প্ৰজ্বলন আৰু পুস্পাঞ্জলি অৰ্পণ আৰু ৰাভাৰ প্ৰতিচ্ছবিত মাল্য অৰ্পণ কৰা হয়। অসম সাহিত্য সভাৰ কবি সন্মিলনৰ সহযোগী আহ্বায়ক কন্দৰ্প কুমাৰ কলিতাই আঁতধৰা অনুষ্ঠানটিত বন্তি প্ৰজ্বলন কৰে শাখা সাহিত্য সভাৰ সভাপতি ইন্দ্ৰ মোহন বৰুৱাই। পুস্পাঞ্জলি অৰ্পন কৰে সমাজ কৰ্মী জোনাৰাম বৰুৱাই। অনুষ্ঠানটিত শাখা সাহিত্য সভাৰ বিভিন্ন সদস্যৰ লগতে স্থানীয় ব্যক্তিসকল উপস্থিত আছিল।

তদুপৰি বটদ্ৰৱা চৰকাৰী বালিকা বুনিয়াদী বিদ্যালয়তো ছাত্ৰ ছাত্ৰীৰ মাজত ৰাভা সংগীত,ৰাভাৰ কবিতা আবৃত্তিৰ মাজেৰে ৰাভা দিৱস উদযাপন কৰা হয়। বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী কনকা বৰাই আঁত ধৰা এই অনুষ্ঠানত সমূহ শিক্ষক শিক্ষয়িত্ৰী সকল উপস্থিত থাকে। প্ৰকাশ থাকে যে ৰাভা দিৱসৰ লগত সংগতি ৰাখি বটদ্ৰবা থানৰ বৰনামলগোৱা তথা বৈষ্ণৱ পণ্ডিত যোগেশ আতৈ ভৰালীক আলিপুখুৰী সাহিত্য সভা আৰু বটদ্ৰৱা চৰকাৰী বালিকা বুনিয়াদী বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী সকলৰ তৰফৰ পৰা ফুলাম গামোছা আৰু পাটৰ চেলেঙেৰে সম্বৰ্ধনা জনোৱা হয়।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close