অসম

বহিৰাজ্যত পুনৰ অসমীয়া যুৱকৰ মৃত্যু

আন্ধেৰীঘাটৰ পৰা হলধৰ চহৰীয়া, প্ৰথম খবৰ: পুনৰ এক দুৰ্ঘটনাত প্ৰান গল এজনৰ।দৰঙৰ বুঢ়া আৰক্ষী চকীৰ অন্তৰ্গত বামুনঝাৰ গাওৰ যুবক বিনয় নাথে কৰ্মসংস্হাপন বিচাৰি গৈছিল ৰাজস্হানলৈ।কিন্তু নিজৰ গন্তব্যস্হলী নৌ পাওতেই আহিল এক ভয়ানক খবৰ। কুহিৰাম নাথৰ কনিষ্ঠ পুত্ৰ বিনয়ে পুৰ্বতে আন্ধেৰীঘাটত টেম্প চলাই পৰিয়ালটি পোহপাল দিছিল।কিন্ত ইয়াৰে জীবিকা নোযোৰাত তেও কোম্পানীত কাম কৰিবলৈ গৈছিল ৰাজস্হান।কিন্ত তাতেই যেন তেওৰ বাবে ৰৈ আছিল মৃত্যু।দুটি সন্তানৰ পিতৃ বিনয়ৰ মৃত্যুয়ে এতিয়া পৰিয়ালটিলৈ কঢ়িয়াই আনিছে অমানিশা। এই ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলত গভীৰ শোকৰ ছা পৰিছে।

 

Related Articles

Leave a Reply

Close