অসম

বাহঁজানীৰ  মেধিপাৰাত শিল্পী  নিলোৎপল – অভিজিৎক স্মৰণ

প্ৰথম খবৰ ,নলবাৰী:  কাৰ্বি আংলংৰ ডকমকাৰ পানীজুৰি  কছাৰী গাঁওত দুষ্কৃতিকাৰীৰ হাতত অকালতে নিহত হোৱা নিলোৎপল দাস আৰু অভিজিৎ নাথ নামৰ  সম্ভাৱনাময় দুই শিল্পীক যোৱা নিশা নলবাৰীৰ মধ্য বাহঁজানীৰ অন্তৰ্গত মেধিপাৰত যুৱ সংঘৰ  উদ্যোগত স্মৰণ কৰা হয়। উদিয়মান যুৱক জয়ন্ত মেধি, সীমান্ত মেধি, সঞ্জীৱ ডেকা আৰু লাচিত মেধিৰ নেতৃত্বত অঞ্চলটোৰ বহু সংখ্যক যুৱকে দুই শিল্পীৰ  আত্মাৰ চিৰশান্তি লাভ কৰাৰ বাবে বন্তি প্ৰজ্বলন কৰাৰ লগতে এনে পৈশাচিক ঘটনা যাতে আকৌ নঘটে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰে। ইফালে শিল্পী দুজনৰ হত্যাকাৰীৰ কঠোৰ শাস্তি প্ৰদানৰ দাবী তোলে চৰকাৰ-প্ৰশাসনৰ ওচৰত।

Related Articles

Leave a Reply

Close