অসমশীৰ্ষ

বিজেপিৰ ৩৮খন সাংগঠনিক জিলাত অনুষ্ঠিত হ’ব সংবাদমেল

নিউজ ডেস্ক, প্ৰথম খবৰ: ভাৰতীয় জনতা পাৰ্টিৰ সাংগঠনিক স্থিতি তথা কৰ্মীসকলৰ মাজত দলৰ নীতি আৰু আদৰ্শ প্ৰচাৰ কৰাৰ নিমিত্তে অসমৰ ৩৮খন জিলাত সংবাদমেলৰ আয়োজন কৰা হৈছে। ইয়াকে লৈ দলৰ কৰ্মী সকলৰ মাজত ব্যাপক আনন্দ পৰিলক্ষীত হৈছে। সেয়েহে ভাৰতীয় জনতা পাৰ্টিৰ তৰফৰ পৰা সংবাদমেলৰ কাৰণে বিভিন্ন জিলাত দলৰ মুখপাত্ৰ সকলক নিয়োগ কৰা হৈছে। পৃথকে পৃথকে দায়িত্ব দিয়া হৈছে মুখপাত্ৰ আৰু দলীয় নেতাসকলক দৰং জিলাত দিলীপ শইকীয়া, বঙাইগাঁৱত পুলক গোহাঁই, নগাঁৱত ৰূপম গোস্বামী, ডিব্ৰুগড়ত পৱিত্ৰ মাৰ্ঘেৰিটা, কৰিমগঞ্জত বিশ্বৰূপ ভট্টাচাৰ্য, দক্ষিণ কামৰূপত হেমাংগ ঠাকুৰীয়া, শদিয়াত সুভাষ দত্ত, শোণিতপুৰত ড০ অমিয় ভূঞা, উত্তৰ কামৰূপত মেঘনা হাজৰিকা, গুৱাহাটীত জয়ন্ত মল্ল বৰুৱা, মৰিগাঁৱত জয়ন্ত দাস, দক্ষিণ শালমৰা-মানকাচৰত তৌফিক ৰহমান, তিনিচুকীয়াত টেৰছ গোৱালা, ওদালগুৰিত বিনন্দ শইকীয়া, শিৱসাগৰত তপন গগৈ, নলবাৰীত মনোজ বৰুৱা, চিৰাঙত কুইন ওজা, ধেমাজিত দিগন্ত ঘাটোৱাৰ, পূব ধুবুৰীত বিজুলি কলিতা মেধি, মাজুলীত বিমল বৰা, লখিমপুৰত কিশোৰ উপাধ্যায়, কোকৰাঝাৰত শিৱনাথ ব্ৰহ্ম, পূব-পশ্চিম কাৰ্বি আংলঙত নোমল মমিন, কলিয়াবৰত হেমন্ত কলিতা, যোৰহাটত দিপলু ৰঞ্জন শৰ্মা, গোলাঘাটত মমিনুল আৱাল, ডিমা হাছাওত ৰামকৃষ্ণ ঘোষ, ধুবুৰীত অশ্বিনী ৰায় সৰকাৰ, চৰাইদেউত ৰিতুপৰ্ণ বৰুৱা, কাছাৰত ড০ ৰাজদীপ ৰয়, বিশ্বনাথত অশোক সিংঘল, বৰপেটাত মুক্তাৰ হুছেইন খান, বজালীত মেহদী আলম বৰা, বাক্সাত বনমালী বড়ো, গোৱালপাৰাত প্ৰমোদ স্বামী, হাইলাকান্দিত বডিউজ জামান আৰু হোজাইত লংকি ফাংচুৱে সম্বোধন কৰিব সংবাদমেল। গুৱাহাটীত উপস্থিত থাকিব কেন্দ্ৰীয় ড’নাৰ মন্ত্ৰী জিতেন্দ্ৰ সিং।

Related Articles

Leave a Reply

Close