শীৰ্ষৰাষ্ট্ৰীয়

বিদেশযাত্ৰীৰ বাবে সু-খবৰ, উদ্বোধন হ’ল পাচপোৰ্ট সেৱা এপ

নেচনেল ডেস্ক, প্ৰথম খবৰ: বিদেশভ্ৰমণ কৰিব বিচৰা সকলৰ বাবে সু-খবৰ৷ পাচপোৰ্ট আবেদনৰ বাবে প্ৰ-পত্ৰৰ সমস্যা আঁতৰাই এইবাৰ আহিল পাচপোৰ্ট এপ৷ পাচপোৰ্ট সংক্রান্তীয় বিভিন্ন সমস্যাক লৈ মঙ্গলবাৰে পাচপোৰ্ট সেৱা এপ উদ্বোধন কৰিলে বিদেশমন্ত্রী সুষমা স্বৰাজে৷

পাচপোৰ্ট পোৱাৰ পথ সহজ কৰি বিদেশমন্ত্রালয়ে গ্ৰহণ কৰিছে এই উদ্যোগ৷ এই এপ উদ্বোধনৰ সময়ত বিদেশমন্ত্ৰী সুষমা স্বৰাজে জানিবলৈ দিয়া মতে এতিয়াৰ পৰা গ্ৰাহকে মোবাইলৰ জৰিয়তে আবেদন কৰিব পাৰিব পাচফোৰ্টৰ বাবে৷ দুটা ভাগ থকা এই এপটোৰ প্ৰথম ভাগত গ্ৰাহকে লাভ কৰিব পাচফোৰ্ট এপ্লিকেচন আৰু দ্বিতীয় ভাগত লাভ কৰিব পাচফোৰ্ট এপ্লিকেচন ফিলিং৷ উল্লেখ্য যে ইমান দিনে পাচপোৰ্টৰ বাবে সংশ্লিষ্ট ৱেবছাইট আছিল যদিও এইবাৰ পাচফোৰ্ট এপতে গ্ৰাহকে আবেদন প্ৰ-পত্ৰ পোৱাৰ লগে লগে আবেদন পূৰণৰ বহুকেইটা সুবিধাও লাভ কৰিব বুলি ধাৰণা কৰিছে বিদেশমন্ত্ৰালয়ে৷

পাচপোৰ্ট এপ বিদেশমন্ত্রালয়ৰ বৈপ্লবিক পদক্ষেপ বুলি উল্লেখ কৰি বিদেশমন্ত্ৰী সুষমা স্বৰাজে কয় যে এই এপে দেশবাসীক বিভিন্ন সুবিধা প্ৰদান কৰাৰ লগতে এই এপৰ জৰিয়তে ভিছা সম্পৰ্কিও তথ্যও লাভ কৰিব গ্ৰাহকে৷ যিয়ে হজযাত্রী সকলকো প্ৰদান কৰিব বিশেষ সুবিধা৷ পাচপোৰ্টক লৈ বিদেশমন্ত্ৰালয়ত হজযাত্ৰীৰ অভিযোগৰ প্ৰসংগ উত্থাপন কৰি পাচপোৰ্ট এপৰ জৰিয়তে তীৰ্থযাত্ৰীসকলে ভিছা সম্পৰ্কীয় সকলো তথ্য আৰু ইয়াৰ সমাধান সূত্ৰও উলিয়াব পাৰিব বুলি উল্লেখ কৰে বিদেশ মন্ত্ৰীগৰাকীয়ে৷

দেশত বৰ্তমান মূঠ ২৬০ টা পাচপোৰ্ট কেন্দ্র আছে যদিও দেশৰ বিভিন্ন লোকসভা কেন্দ্রত পাচপোৰ্ট কেন্দ্ৰৰ সংখ্যা আৰু বঢ়োৱাৰ কথা জানিবলৈ দিয়ে বিদেশ মন্ত্ৰীগৰাকীয়ে৷ ইয়াৰ উপৰিও দেশত মূঠ ২৫১ টা পাচপোৰ্ট পঞ্জীয়ণৰ ছেণ্টাৰ তৈয়াৰীৰ কথাও উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে৷ ইয়াৰ ভিতৰত ইতিমধ্যে ২১২ টা কেন্দ্ৰ সম্পূৰ্ণ হৈ উঠিছে আৰু ৩৮ টা সম্পূৰ্ণ হ’বলৈ বাকী আছে৷

উল্লেখ্য যে পাচপোৰ্টক সহজলভ্য কৰিবলৈ কেন্দ্রই লোৱা এই পাচপোৰ্ট এপৰ পৰিকল্পনা বহুদিনৰ৷ দীঘলীয়া শাৰী অথবা অনলাইনত আবেদন প্ৰ-পত্ৰ পূৰণৰ সমস্যাৰ পৰা ৰেহাই পাবলৈ গ্ৰাহকে এতিয়া এই এপ ব্যৱহাৰ কৰিব বুলি ধাৰণা কৰিছে বিদেশমন্ত্ৰালয়ে৷ বহু সংখ্যক গ্ৰাহক পাবপৰাকৈ ইতিমধ্যে ৰাজ্যৰ কেইখনমান নিৰ্দিষ্ট চহৰত নতুন পাচপোৰ্ট অফিচ নিৰ্মাণৰ পৰিকল্পনা কৰিছে কেন্দ্ৰই৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close