আন্তঃৰাষ্ট্ৰীয়খেল

বিশ্বকাপত অসাৰ ‘মেছী মেজিক’

 ক্ৰ’ৱেছিয়াৰ হাতত ৩–০ গ’লত পৰাস্ত আৰ্জেণ্টিনা

 

নিউজ ডেস্ক, প্ৰথম খবৰ: মেছিৰ যাদু যেন নচলা হৈছে ৰাছিয়া ফুটবল বিশ্ব কাপত। যোৱাকালি হৈ যোৱা বিশ্বকাপৰ এক গুৰুত্বপূৰ্ণ খেলত আৰ্জেন্টিনা ক্ৰ’ৱেছিয়াৰ হাতত ৩-০ গলত ধৰাসায়ী হয়। খেলখনত মেছি একপ্ৰকাৰ নিস্প্ৰভ হৈ পৰে ক্ৰ’ৱেছিয়াৰ সন্মুখত কোনো প্ৰত্যাহ্বান দিব নোৱাৰিলে মেছিয়ে। আনহাতে, ডেনমাৰ্ক আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত খেল ১-১ গ’লত ড্ৰ হয়। ৭ মিনিটতে ডেনমাৰ্কৰ হৈ খ্ৰীষ্টিয়ান এৰিক্সেনে দিয়ে প্ৰথমটো গ’ল। অষ্ট্ৰেলিয়াৰ হৈ একমাত্ৰ গ’লটো দিয়ে মাইল জেডনিয়াক। বিশ্বকাপৰ আন এখন খেলত ফ্ৰান্সে ১-০ গ’লত হৰুৱাই পেৰুক। ফ্ৰান্সৰ হৈ বিজয়সূচক গ’লটো দিয়ে কিলিয়ান এমবাপে।

Related Articles

Leave a Reply

Close