অসম

বিহগী মিডিয়া গ্ৰুপৰ ৰামধেনু বঁটা ঘোষণা

প্ৰথম খবৰ,নলবাৰী: বিহগী মিডিয়া গ্ৰুপে যোৱা বাৰ বছৰ ধৰি প্ৰদান কৰি অহা ২০১৭-১৮ বৰ্ষৰ ৰামধেনু বঁটা সমূহ ঘোষণা কৰা হৈছে। অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি,বিশিষ্ট বুদ্ধিজীৱী লক্ষীনন্দন বৰালৈ বিহগী মিডিয়া গ্ৰুপৰ জীৱনযোৰা সাধনা বঁটা আগবঢ়োৱা হৈছে। ইফালে ৰামধেনু মিডিয়া বঁটাৰ বাবে নিউজ লাইভৰ মুখ্য সম্পাদক চৈয়দ জাৰিৰ হুছেইনক নিৰ্বাচিত কৰা হৈছে। বৰক্ষেত্ৰী সমষ্টিৰ বিধায়ক নাৰায়ণ ডেকাক সমন্বয় বটা প্ৰদান কৰা হ’ব। দৈনিক অসম কাকতৰ নলবাৰীৰ জিলাৰ বাতৰি দিওঁতা ৰমেন কলিতাক শ্ৰেষ্ঠ যুৱ সাংবাদিকৰ বঁটাৰ বাবে নিৰ্বাচিত কৰা হৈছে। বিহগী মিডিয়া গ্ৰুপে প্ৰদান কৰিব লগা আন আন বঁটা সমূহ হৈছে বিশিষ্ট চিকিৎসক ডাঃ বেদব্ৰত পাঠকলৈ চিকিৎসা ৰত্ন,গনেশ তামুলীলৈ সমাজৰত্ন বঁটা,সুশান্ত কুমাৰ শৰ্মালৈ কৰ্ম সাধনা বঁটা,নাট্যকাৰ ধ্ৰুবজ্যেতি শৰ্মালৈ ৰঘুনাথ চৌধাৰী বঁটা,অভিজিৎ ভট্টাচাৰ্যলৈ শ্ৰেষ্ঠ নাট্যকাৰ বটাৰাজীৱ গোস্বামীলৈ শ্ৰেষ্ঠ অভিনেতাৰ বঁটা,অনুপম শইকীয়াক শ্ৰেষ্ঠ কণ্ঠশিল্পী,কৰণজ্যোতি বৰালৈ শ্ৰেষ্ঠ খলনায়ক বঁটা,পৰশমনিলৈ থিয়েটাৰৰ শ্ৰেষ্ঠ কণ্ঠশিল্পী বঁটা পাৰ্থপ্ৰতীম দাসলৈ শ্ৰেষ্ঠ নৃত্য প্ৰশিক্ষকৰ বঁটা,নীলকমল বৰঠাকুৰক শ্ৰেষ্ঠ নৃত্য শিল্পী বঁটা,ভবেন পৰাণ আৰু আমিন ইৰ্গক উদীয়মান কন্ঠশিল্পী বঁটা,বিক্ৰম কাশ্যপক শ্ৰেষ্ঠ কণ্ঠশিল্পী বঁটা,আনোৱাৰ হুছেইন শইকীয়া আৰু হাচান আলীক শিক্ষা ৰত্ন বঁটা,কুশল হালৈক সাধনা বঁটা সমূহ প্ৰদান কৰা হ’ব। বিহগী মিডিয়া গ্ৰুপৰ সঞ্চালক,সাংবাদিক কনক কলিতাই আজি এক প্ৰেছ বিজ্ঞপ্তিত প্ৰকাশ কৰা মতে অহা ২৪ জুনত নলবাৰী জিলাৰ বামুনবড়ী শ্বহীদ সোঁৱৰণী মহাবিদ্যালয়ত আয়োজন কৰা এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ২০১৭-১৮ বৰ্ষৰ ৰামধেনু বঁটা সমূহ প্ৰদান কৰা হ’ব। বিয়লি দুই বজাত নলবাৰী জিলাৰ উপায়ুক্ত সঞ্জীৱ কুমাৰ দাসে আৰু আৰক্ষী অধীক্ষক শিলাদিত্য চেতিয়াই বন্তি প্ৰজ্বলনেৰে আৰম্ভ কৰা বঁটা প্ৰদান অনুষ্ঠানত বাৰ্ষিক মুখপত্ৰ ৰামধেনু উন্মোচন কৰিব বিশিষ্ট সাহিত্যিক ডঃ বসন্ত কুমাৰ ভট্টাচাৰ্যই।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close