অসমশীৰ্ষ

বোকাখাতত মহিলাৰ মৃতদেহ উদ্ধাৰ

প্ৰথম খবৰ,বোকাখাত:বোকাখাতত পুনৰ নাৰকীয় ঘটনা। বোকাখাতৰ আনন্দপুৰ চাহ বাগিচাত মহিলাৰ মৃতদেহ উদ্ধাৰ ৷ উদ্ধাৰ হোৱা মৃতদেহটো বোকাখাত ধোৱাআটি গাঁৱৰ মাইটি পেগুৰ বুলি জানিব পৰা গৈছে। মহিলাগৰাকী দুটা সন্ৰতানৰ মাতৃ আৰু স্বামী মানসিক বিকাৰগ্ৰস্ত ৷  ডিঙিত আঘাটৰ চিন স্পষ্ট ৷ কোনো লোকে হত্যা কৰি পেলাই যোৱাৰ সন্দেহ ৷ মৃত মহিলা গৰাকী কিছুদিনৰ পূৰ্বে পিতৃ গৃহ নিকৰি ধনশিৰি গাঁৱলৈ গৈছিল। পিতৃ গৃহত কিছুদিন থাকি মঙ্গলবাৰে বোকাখাতৰ স্বামী গৃহলৈ আহিছিল যদিও নিজ গৃহত উপস্থিত  নহ’ল। বুধবাৰে পুৱা বোকাখাতৰ আনন্দপুৰ চাহবাগিচাৰ পথৰ কাষত প্ৰাতভ্ৰমণ কৰা লোকে মহিলা গৰাকীৰ মৃতদেহ প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে।  আৰক্ষীয়ে সন্দেহ কৰিছে যে মহিলা গৰাকীক কোনো লোকে ধৰ্ষণ কৰি হত্যা কৰি বাগিচাত পেলাই থৈ পলায়ান কৰিছে।

Related Articles

Leave a Reply

Close