অসম

বৰপেটাত এন আৰ চি সজাগতা সভা

বৰপেটাৰপৰা ছফিক আহমেদ প্ৰথম খবৰ: বৰপেটা জিলাৰ ধানবান্ধাত বৰপেটা জিলা প্ৰসাশন তথা জিলা আৰক্ষী বিভাগৰ উদ্দ্যোগত এন আৰ চি সজাগতা সভা অনুষ্ঠিত হয়। যি সময়ত এন আৰ চি’ক লৈ জনসাধাৰণৰ মাজত শংকা বিৰাজ কৰি আছে সেই সময়ত এই সভায় বিশেষ গুৰুত্ব বহন কৰিছে। উক্ত সভাখনত যথেষ্ট লোকৰ সমাগম হোৱা পৰিলক্ষীত হয়। উক্ত সভাত উপস্থিত থাকে বৰপেটা ৰাজহ চক্ৰ বিষয়া পল্লৱী গগৈ, বৰপেটা সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিনয় কলিতা, এন আৰ চি প্ৰকল্প সঞ্চালক ভাস্কৰ ডেকা। তেওঁলোকে জনসাধাৰনক ভীতিগ্ৰস্ত নহ’বলৈ আহ্বান জনায় তথা জনসাধাৰনক প্ৰসাশনৰ লগত সহযোগ কৰিবলৈ অনুৰোধ জনায়।

 

সভাখনত সভাপতিত্ব কৰে ধানবান্ধা অঞ্চলৰ জ্যেষ্ঠ নাগৰীক নুৰুল হকে।

 

Related Articles

Leave a Reply

Close