অসমবৰপেটাশীৰ্ষ

বৰপেটাত এন আৰ চি সম্পৰ্কত গুৰুত্ব পূৰ্ণ বৈঠক বৈঠকত উপস্থিত দেশৰ মহাপঞ্জীয়ক শ্ৰী শৈলেশ আৰু যুটীয়া গৃহ আয়ুক্ত সত্যেন গাৰ্গ

প্ৰথম খবৰ, বৰপেটাঃ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চুড়ান্ত খচৰা অহা ৩০ জুনত প্ৰকাশ পাব৷ কেন্দ্ৰীয় গৃহ মন্ত্ৰী ৰাজনাথ সিঙৰ নিৰ্দেশ ক্ৰমে কেন্দ্ৰীয় উচ্চ-পদস্থ বিষয়া দুগৰাকীয়ে দেশৰ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ ক্ৰমে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চূড়ান্ত তালিকা প্ৰকাশৰ পূৰ্বে সাম্প্ৰতিক পৰিস্থিতি সম্পৰ্কে পৰ্যালোচনা কৰিবলৈ বৰপেটালৈ অহাটো বিশেষভাবে তাৎপৰ্যপুৰ্ণ বুলি বিবেচিত হৈছে৷ অসমত চলি থকা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ উন্নীতকৰণ প্ৰক্ৰিয়াৰ কাম-কাজত খেলি মেলি হোৱা বুলি ৰাজ্যখনৰ বিভিন্ন ৰাজনৈতিক  দল -সংগঠনে অভিযোগ দিয়াৰ পিছত বিষয়টো সন্দৰ্ভত চৰজমিন তদন্তৰ বাবে দেশৰ মহাপঞ্জীয়ক তথা লোকপিয়ল আয়ুক্ত শৈলেশে উত্তৰ -পূবৰ দায়িত্বত থকা কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ যুটীয়া সচিব সত্যেন্দ্ৰ গাৰ্গ অন্যান্য বিষয়া বৰ্গৰ সৈতে আজি আবেলি বৰপেটাত উপস্থিত হয়৷ আজি বৰপেটাত আবেলি দলটো উপস্থিত হৈ আৱৰ্ত ভৱনত কিছু সময় কটোৱাৰ সময়তে বৰপেটা জিলাৰ কংগ্ৰেছ দলৰ জনীয়া সমষ্টিৰ বিধায়ক আব্দুল খালেক বাঘবৰ সমষ্টিৰ বিধায়ক শ্বেৰমান আলী আহমেদ আৰু সৰুক্ষেত্ৰী সমষ্টিৰ বধায়ক জাকিৰ হুছেইন শিকদাৰে দেশৰ মহাপঞ্জীয়ক গৰাকীক সাক্ষাৎ কৰি এখন প্ৰকৃত আৰু শুদ্ধ বিদেশীৰ নাম  নথকা এন আৰ চি পাব পাৰো তাৰ প্ৰতি বিশেষ নজৰ দিবলৈ আহ্বান জনায়৷ লগতে সন্দেহযুক্ত নাগৰিকৰ নাম বিদেশী নহয় বুলি আদালতে ঘোষণা কৰাৰ পিছত সেই সকল লোকৰ নাম সন্নিবিষ্ট কৰিবলৈও দাবী জনায়৷ এন আৰ চি ৰ খচৰা প্ৰকাশ পালে বৰপেটা জিলাত যাতে কোনো ধৰণৰ ঘটনাৰ সূত্ৰপাত হব নোৱাৰে তাৰ প্ৰতিও জিলা প্ৰশাসনক সম্পূৰ্ণ সহযোগ আগবঢ়াব বুলি সৰুক্ষেত্ৰী সমষ্টিৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰে এই প্ৰতিনিধিক জানিবলৈ দিয়ে৷ তেওঁ এন আৰ চি ৰ সমন্বয়ক প্ৰতীক হাজেলাই নিজ ইচ্ছা অনুসৰি নতুন নতুন নিৰ্দেশনা দি ৰাইজক হাৰাশাস্তি কৰা বুলিওঁ অভিযোগ কৰে৷ পিছত বৰপেটা জিলা উপায়ুক্তৰ সভাকক্ষত নামনি অসমৰ উত্তৰ পাৰৰ সাতখন জিলাৰ জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষক সকলৰ লগত  ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীত কৰণ সন্দৰ্ভত দেশৰ মহা পঞ্জীয়ক শ্ৰী শৈলেশ, উত্তৰ পূবৰ দায়িত্বত থকা কেন্দ্ৰীয় গৃহ বিভাগৰ যুটীয়া সচিব সত্যেন্দ্ৰ গাৰ্গ, ৰাজ্যিক এন আৰ চিৰ সমন্বয়ক প্ৰতীক হাজেলা, গৃহ আৰু ৰাজনৈতিক বিভাগৰ সচিব প্ৰধান আই এল চিংচন,  পশ্চিম মণ্ডলৰ ডিআই জি এম এন শৰ্মা, এ ডি জি পি (আইন শৃংখলা) মুকেশ আগৰৱালা , বৰপেটা জিলাৰ উপায়ুক্ত থানেশ্বৰ মালাকাৰ, আৰক্ষী অধীক্ষক ভায়োলেট বৰুৱা, ধুবুৰী জিলাৰ উপায়ুক্ত অনন্ত লালজানী,আৰক্ষী অধীক্ষক লংনিট টেৰন, কোকৰাঝাৰ জিলাৰ উপায়ুক্ত, নিৰঞ্জন বৰুৱা, আৰক্ষী অধীক্ষক ৰাজেন সিং, বাগছাৰ উপায়ুক্ত সঞ্জীৱ কুমাৰ গগৈ, আৰক্ষী অধীক্ষক বিনয় কলিতা, বঙাইগাওঁৰ উপায়ুক্ত বাবুলাল শৰ্মা আৰক্ষী অধীক্ষক হৃদয়জিৎ বৰ্মন, নলবাৰী জিলাৰ উপায়ুক্ত সঞ্জীৱ কুমাৰ দাস আৰক্ষী অধীক্ষক শিলাদিত্য চেতিয়া আৰু চিৰাং জিলাৰ উপায়ুক্ত ৰাতুল বৰুৱা আৰক্ষী অধীক্ষক যুৱৰাজ প্ৰমুখ্যে কেবাজনো উচ্ছ পদস্থ বিষয়া উপস্থিত আছিল ৷আজিৰ পৰ্যবেক্ষন বৈঠকত বিশেষকৈ এন আৰ চি সম্পৰ্কত বিশদ ভাবে আলোচনা হয়৷ পিছত সংবাদ মাধ্যমৰ আগত ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাই কয় যে, অহা ৩০ জুনৰ মাজনিশা খচৰা প্ৰকাশ পাব৷ যদি কোনো কাৰণত কাৰোবাৰ নাম বাদ পৰে তেনেহলে তেওঁলোক সকলে কোনো চিন্তা কৰিব নালাগে সেই সকল ব্যক্তিয়ে তেওঁলোকৰ ওজৰ আপত্তি দাখিল কৰিব পাৰিব৷ পিছত দেশৰ মহাপঞ্জীয়ক শ্ৰী শৈলেশে সংবাদ মাধ্যমক জনায় যে এন আৰ চি ৰ কাম সম্পূৰ্ণ গাইড লাইন মতে কৰা হৈছে৷ ইয়াত কোনো লোকে ভয়খাব লগীয়া একো নাই৷ আনহাতে কেন্দ্ৰীয় গৃহদপ্তৰৰ উত্তৰ পূবৰ যুটীয়া সচিব সত্যেন্দ্ৰ গাৰ্গে এন আৰ চি ৰ কামত প্ৰয়োজন হলে অধিক নিৰাপত্তা ব্যৱস্হা কটকটীয়া কৰি তোলা হব বুলি জনায়৷ আজিৰ এই বৈঠক নিশা আঠ বজালৈ চলে৷ এন আৰ চিৰ চূড়ান্ত খছৰা প্ৰকাশলৈ মাজত কেইটামান দিন বাকী থকা অৱস্থাত আজি বৰপেটাত অনুষ্ঠিত সভাখন তাৎপৰ্যপূৰ্ণ বুলি বিবেচিত হৈছে এই বৈঠক৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close