অসমশীৰ্ষ

বৰপেটাৰোডৰ বিলাসীপাৰাত  চাঞ্চল্যকৰ হত্যা কাণ্ড 

প্ৰথম খবৰ, বৰপেটাৰোড: বৰপেটাৰোডৰ বিলাসীপাৰাত কালি এক চাঞ্চল্যকৰ হত্যাকাণ্ড সংঘটিত হয়। বুধবাৰে পুৱতি নিশা অৰ্থাৎ ৰমজানৰ চেহেৰিৰ সময়ত নুৰজাহান বেগম নামৰ মহিলা এগৰাকীক নিজ গৃহৰ বাৰান্দাতেই কোনোবা দুস্কৃতিকাৰীয়ে ডেগাৰেৰে হানি খুচি ডিঙি কাটি হত্যা কৰে। জানিব পৰা মতে নিজ গৃহৰ নিচেই ওচৰত থকা মছজিদত নিজৰ ডাঙৰ সন্তান নাজিবুল ইছলাম  এতেকাফত বহিছিল। নিতৌ নিজৰ সন্তানক মছজিদত গাখীৰ আৰু কল খাবলৈ দি অহা মাতৃ নুৰজাহানে আজি নিজৰ সন্তানক গাখীৰ আৰু কল মছজিদত দি নহাত পুত্ৰই নিজ ঘৰত আহে আৰু নিজৰ মাতৃৰ এই হত্যাকাণ্ড প্ৰত্যক্ষ কৰে। মহিলা গৰাকী দুটি সন্তানৰ মাতৃ আছিল।  উল্লেখ্য যে, এই লোমহৰ্ষক হত্যাকাণ্ড সংঘটিত হোৱাৰ সময়ত স্বামী ছাইফ উদ্দিন ঘৰত নাছিল বুলি জানিব পৰা গৈছে। স্বামী চাহেবউদ্দিন চাকৰি সুত্ৰে বঙাইগাওৰ যোগীঘোপাত আছিল বুলি তেওঁ জানিবলৈ দিয়ে। বিলাসীপাৰাৰ চাহেবউদ্দিনৰ  পত্নীৰ এই  হত্যাকাণ্ডৰ লগত কোন জড়িত আছে তাৰ তদন্ত আৰক্ষীয়ে অব্যাহত ৰাখিছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close