অসম

বৰ্তমানলৈ স্বচ্চ ভাৰত মিছনে ঢুকি পোৱা নাই অভয়াপুৰীৰ বহুকেইটা অঞ্চল

অভয়াপুৰীৰপৰা দ্বীপজ্যোতি ৰায়ৰ প্ৰতিবেদন,প্ৰথম খবৰ: ২০১৪ চনত কেন্দ্ৰত ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ গঠন হোৱাৰ পিছত শাসনাধিষ্ঠ দলৰ খোদ প্ৰধানমন্ত্ৰীয়েই ঘোষণা কৰিছিল এখন অভিলাষী আঁচনি নাম স্বচ্ছ ভাৰত মিছন। উদ্দেশ‍্য আছিল বিশ্বৰ অন‍্যান‍্য দেশসমূহৰ দৰে ভাৰতকো স্বচ্ছ ৰূপত জিলিকাই তোলা। আবণ্টন দিছিল কোটি কোটি টকা। সেই আঁচনিৰ এক মূখ‍্য উদ্দেশ‍্য আছিল সমগ্ৰ দেশৰ দৰিদ্ৰ পৰিয়াল সমূহক একোটাকৈ চৰকাৰী শৌচালয় প্ৰদান কৰা। যাতে দেশৰ প্ৰতিগৰাকী জনতাই মুকলিত মলত‍্যাগ কৰা বদ অভ‍্যাসৰ পৰা মুক্ত হৈ এটা সুন্দৰ জীৱন যাপন কৰিব পাৰে। সেই আঁচনিৰে অংশ স্বৰূপে বঙাইগাওঁ জিলাখনেও গ্ৰামাঞ্চলৰ ৰাইজক শৌচালয় প্ৰদানৰ কাম আৰম্ভ কৰিছিল। সেইমৰ্মে যোৱা মাৰ্চ মাহৰ শেষৰ ফালে জিলাখনক চৰকাৰীভাৱে মুকলিত মলত‍্যাগমুক্ত জিলা হিচাপে ঘোষণাও কৰিছিল। কিন্তু অতি আশ্বৰ্য্যজনকভাৱে সেই জিলাখনৰে উত্তৰ শালমাৰা মহকুমাৰ সৃজনগ্ৰাম উন্নয়ণ খণ্ডৰ অন্তৰ্গত সৃজনগ্ৰাম গাওঁ পঞ্চায়তৰ আমগুৰি-সস্তৰ নামৰ গাওঁখনৰ কোনো এটা পৰিয়ালে আজিও লাভ নকৰিলে এটাও চৰকাৰী শৌচালয়। যি সময়ত বঙাইগাওঁ জিলাক মুকলিত মলত‍্যাগ মুক্ত জিলা ঘোষণা কৰি চৰকাৰে বা: বা: লৱ বিচাৰিছে সেই সময়তে উক্ত গাওঁখনৰ বাসিন্দা সকলে মুকলিতে মলত‍্যাগ কৰি দুৰ্বিসহ জীৱন যাপনেৰে চৰকাৰী ঘোষণাক অসাৰ প্ৰতিপন্ন কৰিছে। এক কথাত ক’বলৈ হ’লে চৰকাৰে বঙাইগাওঁ জিলাক মুকলিত মলত‍্যাগ মুক্ত জিলা ঘোষণা কৰাটো যেন ভেকোভাওঁনাতহে পৰিণত হ’ল। চৰকাৰৰ সংশ্লিষ্ট বিষয়া,ৰাজনৈতিক নেতা-পালিনেতা,পঞ্চায়ত প্ৰতিনিধি সকলোকে বাৰম্বাৰ অনুৰোধ জনাই অহাৰ পিছতো আজিও এটা চৰকাৰী শৌচালয়ৰ মূখ নেদেখিলে সেই দূৰ্ভগীয়া গাওঁবাসীয়ে। অথচ সেই আমগুৰি,যিখন গাওঁতে আছে পৃথিৱীৰ ভিতৰতে দ্বিতীয়তো সেউজীয়া ৰামৰ মূৰ্তি থকা ঐতিহাসিক শ্ৰী শ্ৰী ৰঘুনাথ বিগ্ৰহ মন্দিৰ। আছে ঐতিহাসিক অসম আন্দোলনৰ তেজেধোঁৱা ইতিহাস । সেইদিনা আছিল ১৯৮৩ চনৰ ১২ ফেব্ৰুৱাৰী,বিদেশী বিতাড়ণ আন্দোলনৰ ভৰপক সময়। সিদিনাই সন্ধিয়া আই নৈ পাৰ হৈ আহি এচাম দুৰ্বৃত্তই জ্বলাই দিছিল খিলঞ্জীয়া মানুহৰ বসতিস্থল সেই আমগুৰি-সস্তৰ নামৰ গাওঁখন। ঘৰ-বাৰী জ্বলাই,গছ-গছনি কাটি তহিলং কৰি,খেতি-বাতি ধ্বংস কৰাৰ উপৰিও ভড়ালৰ শস‍্যও লুটপাত কৰিছিল দুৰ্বৃত্তৰ দলটোৱে। দুৰ্বৃত্তৰ দলটোৰ আক্ৰমণত সেইদিনা নিহত হৈ শ্বহীদ হৈছিল ৰত্নেশ্বৰ ৰায় আৰু চেপাতু বৰ্মন নামৰ দুজনকৈ নিৰীহ গাওঁবাসী। সেই প্ৰৱল ধুমুহাই গছকি যোৱাৰ পিছতো গাওঁৰ মানুহবোৰে ইজনে সিজনৰ হাতে হাত ধৰি পুনৰ নতুনকৈ সজাই তোলাৰ প্ৰয়াস চলাইছিল তেওঁলোকৰ মৰমৰ গাওঁখন। শোক-দুখ পাহৰি সকলোৰে প্ৰচেষ্টাত পুনৰ নতুন ৰূপেৰে সাৰ পাই উঠিব ধৰিছিল তেওঁলোকৰ আধৰুৱা সপোনবোৰ। তথাপি যেন শেষ নহ’ল তেওঁলোকৰ জীৱনৰ কৰুণ গাঁথা। ১৯৯২ চনৰ পৰা ১৯৯৮ চনলৈ ছয় বছৰ ধৰি চলা আই নৈৰ অবিৰত বানপানী আৰু গড়া খহনীয়াৰ তাণ্ডৱ লীলাই প্ৰায় নিশ্চিহ্ন কৰি পেলালে আমগুৰি-সস্তৰ নামৰ ঐতিহাসিক গাওঁখন। একালৰ শস‍্য-শ‍্যামলা,ধনে-জনে নদন বদন হৈ থকা গাওঁখন যেন একপ্ৰকাৰ মৰিশালীত পৰিণত হ’ল। পেটৰ তাড়নাত,অন্ন-বস্ত্ৰ-বাসস্থানৰ সন্ধানত গাওঁ দুখনৰ বহু বাসিন্দাই বিভিন্ন স্থানলৈ ঢাপলি মেলিলে যদিও আজিও প্ৰায় ৫০ টা পৰিয়ালে সুদীৰ্ঘ ২০ টা বছৰ ধৰি মথাউৰিতে আশ্ৰয় গ্ৰহণ কৰি চলাই আহিছে দুৰ্বিসহ জীৱন সংগ্ৰাম। ৰাইজৰ ক্ষোভ মুঠি ভাত,এখন কাপোৰ আৰু এটুপি বিশুদ্ধ খোৱাপানীৰ অভাবত ভূগি থকা এই নিৰীহ পৰিয়ালকেইটাৰ বাবে সুদীৰ্ঘ ২০ বছৰে যেন ভাবিবলৈয়ে সময় নাপালে কোনো এজন নিৰ্বাচিত জনপ্ৰতিনিধি অথবা শাসনাধিষ্ঠ কোনো এখন চৰকাৰে। বিকশিত অসম,পৰিৱৰ্তনৰ সপোন সকলোৰে পৰা যেন আঁতৰত এইসকল লোকৰ জীৱনৰ ৰংবোৰ। ১৯৮৩ চনৰ অসম আন্দোলনত হিংসাৰ বলি হোৱা তথা বানপানী-গড়াখহনীয়াত ক্ষতিগ্ৰস্ত পৰিয়ালক চৰকাৰৰ ফালৰ পৰা বহু অনুদান-সাহায‍্য দিয়াৰ বাবে ঢাক-ঢোল বজাই আহিছে যদিও এই গাওঁখনৰ বাসিন্দাই আজিও লাভ নকৰিলে চৰকাৰৰ উপযুক্ত সাহায‍্য অথবা ক্ষতিপূৰণ। তাতোকৈ অতি দুখজনক ভাৱে এই গাওঁখনত বাস কৰা পৰিয়ালসমূহৰ কোনো এটা পৰিয়ালতে নাই এটাও শৌচালয়। যাৰ ফলত মুকলি স্থানতে মলত‍্যাগ কৰি চৰকাৰী ঘোষণাক যেন প্ৰত‍্যাহ্বান জনাই আহিছে এই গাওঁখনৰ বাসিন্দাই। তাৰোপৰি বিভিন্ন বেমাৰ-আজাৰতো আক্ৰান্ত হোৱাৰ উপৰিও বহু অবাঞ্চিত পৰিস্থিতিৰো সন্মুখীন হব লগা হৈছে গাওঁখনৰ পুৰুষ মহিলা সকলে। আনকি শেষ ৰাতি অথবা ৰাতি দুপৰলৈকে হাতত টৰ্চ,লাঠি আদি লৈ গাওঁৰ মহিলাসকলে প্ৰাত: কৰ্ম কৰিবলৈ যোৱাৰ দৰে দুখজনক পৰিস্থিতিৰো সন্মুখীন হৈ আহিব লগা হৈছে। ইপিনে যোৱা মাৰ্চ মাহৰ শেষৰ ফালে চৰকাৰে বঙাইগাওঁক মুকলিত মলত‍্যাগমুক্ত জিলা হিচাপে ঘোষণা কৰিলে আনকি জনস্বাস্থ‍্য কাৰিকৰী বিভাগৰো সদম্ভ ঘোষণা শৌচাগাৰ নিৰ্মাণ আচঁনিয়ে সামৰি লৈছে জিলাখনৰ সমগ্ৰ অঞ্চল।

Related Articles

Leave a Reply

Close