অসমশীৰ্ষ

ভাৰতৰ সকলোতকৈ পৰিষ্কাৰ নগৰখন

নিউজ ডেস্ক, প্ৰথম খবৰ: ভাৰতবৰ্ষ বিভিন্ন জাতি-জনগোষ্ঠী আৰু ঐতিহ্য পৰম্পৰাৰে পৰিপূৰ্ণ এখন দেশ। বৰ্তমান ভাৰতৰ এখন নগৰ খুবেই চৰ্চিত হৈছে। এই নগৰখনৰ নাম হৈছে ইন্দোৰ। ইতিমধ্যে এই নগৰখনে দেশৰ ৫০০ খন নগৰৰ ভিতৰত সকলোতকৈ পৰিষ্কাৰ নগৰ হিচাপে স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছে৷ যোৱা বছৰ স্বচ্ছতা অভিযানত ২৫ নম্বৰ স্থানত থকা নগৰখনে এই বছৰ লাভ কৰিছে প্ৰথম স্থান। ইন্দোৰ নগৰ নিগমৰ অসংখ্য কৰ্মচাৰী তথা অত্যাধুনিক মেচিনৰ বাবে নগৰখনৰ এই কাৰ্য্য অতি সূচাৰুৰূপে সম্পাদিত হোৱা বুলি ধাৰণা কৰা হৈছে। নগৰখনত বিভিন্ন উদ্যোগ আছে যদিও ইয়াৰ সমান্তৰালকৈ নগৰখনত পৰিষ্কাৰ পৰিচ্ছন্নতাৰ বাবে আছে কিছু বিশেষ নিয়ম। যিয়ে এতিয়া ভাৰতৰ বিভিন্ন ঠাইৰ ব্যক্তিৰ লগতে বিদেশী পৰ্য্যটকৰো দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। বৰ্তমান নগৰখনৰ আৱাসীসমূহৰ ঘৰৰপৰা জাৱৰ-জোথৰ নিষ্কাষণৰ বাবে এক বিশেষ পৰিকল্পনাও গ্ৰহণ কৰিছে ইয়াৰ চৰকাৰে। বিশেষ ডাষ্টবিন ফ্ৰী অভিযানৰ ব্যৱস্থা থকা এই নগৰখনৰ স্বচ্ছতাৰ ক্ষেত্ৰত ইয়াৰ চৰকাৰৰ ভূমিকা অতুলনীয়।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close