অসমবিনোদনৰাষ্ট্ৰীয়

ভিভাণ্টাত ৰেপ হোটেল এণ্ড ৰিজৰ্টৰ উদ্যোগত ফেশ্বন শ্ব’

নিউজ ডেস্ক,প্ৰথম খবৰ: ৰেপ হোটেল এণ্ড ৰিজৰ্টে মেঘনা দ্যা ডিজাইন ষ্টুডিঅ’ৰ সহজোগত সোমবাৰে গুৱাহাটীৰ তাজ ভিভাণ্টা হোটেলত অনুষ্ঠিত কৰে এটা বিশেষ অনুষ্ঠানৰ। অনুষ্ঠানটোৰ এক মূল অংশ আছিল ‘অটম নট ২’ শীৰ্ষক ফেশ্বন শ্ব’। কোনো চৰকাৰী সহায় বা পৃষ্ঠপোষকতা নোহোৱাকৈয়ে মেঘনা ৰায় মেধিৰ ডিজাইনৰ এই ফেশ্বন শ্ব’টো অনুষ্ঠিত হয় আৰু ৰেপ হোটেল এণ্ড ৰিজৰ্টছ প্ৰাইভেট লিমিটেডৰ পৰিচালন সঞ্চালক ঋষিৰাজ বৰকটকীয়ে এই অভিজাত ফেশ্বন শ্ব’টোত সহযোগ কৰে। একেটা অনুষ্ঠানতে কৰ্কট ৰোগীক এক লাখকৈ টকাৰ আৰ্থিক অনুদান প্ৰদান কৰা হয়। আনহাতে তৰুণ উদ্যোগী ঋষিৰাজ বৰকটকীয়ে ছয়গৰাকী মেধাৱী আৰ্থিকভাৱে দুৰ্বল ছাত্ৰৰ শিক্ষাৰ দায়িত্ব গ্ৰহণ কৰে। এই অনুষ্ঠানতে উদ্যোগীগৰাকীয়ে অসমত আৰম্ভ কৰিবলগীয়া ভালেমান নতুন ঔদ্যোগিক পৰিকল্পনাৰ কথা সদৰী কৰে। কিউব থ্ৰী চি নামেৰে আৰম্ভ হ’বলগীয়া এটা প্ৰকল্পৰ জৰিয়তে অসমৰ অসম,উত্তৰ-পূবৰ তথা সমগ্ৰ ভাৰতৰ বস্ত্ৰ, সংস্কৃতি আৰু থলুৱা খাদ্যক আন্তৰ্জাতিকভাৱে মুকলি কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলিও তেওঁ প্ৰকাশ কৰে। এই প্ৰকল্পত ডিজাইনাৰ হিচাপে থাকিব মেঘনা ৰায় মেধি আৰু পৰিকল্পনা ৰিংকু উদয় দাসৰ। ৭০ কোটি টকাৰ এই প্ৰকল্পৰ জৰিয়তে থলুৱা লোকৰ উদ্যোগৰ প্ৰসাৰতো সহায়ৰ হাত আগবঢ়োৱা হ’ব বুলি প্ৰকাশ কৰিছে বৰকটকীয়ে। উল্লেখ্য যে কলকাতা,মানালি, দীঘা আৰু জিম কাৰবেট নেচনেল পাৰ্কত হোটেলৰ ব্যৱসায় প্ৰতিষ্ঠা কৰাৰ পাছত ৰেপ হোটেল এণ্ড ৰিজৰ্টে অহা তিনি বছৰৰ ভিতৰত অসমতো জে ডব্লিউৰ সৈতে পঞ্চতাৰকা হোটেল প্ৰতিষ্ঠা কৰিব বুলিও প্ৰকাশ কৰিছে। একক প্ৰচেষ্টাৰে এক বৃহৎ বাণিজ্যিক পৰিকল্পনাক সফল কৰি তুলিবলৈ সক্ষম হোৱা ঋষিৰাজ বৰকটকী অসমীয়া উদ্যোগীসকলৰ ভিতৰত আদৰ্শ হিচাপে চিহ্নিত হৈছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close