কবিতাসাহিত্য

মই হেনো বাৰবনিতা!

অনুৰূপা ডেকা:

মই হেনো বাৰবনিতা!
এন্ধাৰ উন্মাদ গলিয়েদি মোৰ দুৱাৰদলিলৈ
অহা প্ৰতিটো খোজৰ গচকত
পিতাইয়ে’ দিয়া পৰিচয়টোৱে
উশাহ বিচাৰি উকমূকাই থাকে
মই নিৰুপায়
মাতাল নিশাবোৰতহে যে
মোৰ পাইকাৰী বেহাখন চলে;
এনিশাৰ প্ৰেমিকজন,
থৰক বৰক খোজেৰে যায়গৈ
তেঁওৰ ভোক ক্ষান্ত হলে, আৰু
মোৰ চৰুৰ তলৰ জুইকুৰা
ভমককৰে জ্বলি উঠে!
মোৰ ভোকটোৱে অজানিতেই
তেঁওক লালচালাম দিয়ে|
চিত্ৰপতৰ অনিৰুদ্ধ নহলেঁও
সেইসকলেই যে মোৰ হৰ্তা কৰ্তা বিধাতা
মোৰ,মোৰ আই আৰু পিতাইৰ কংকালসাৰ
দেহকিটাৰ সিৰে সিৰে দৌৰি থকা
প্ৰতিটোপাল তেজৰ দাতা!
ৰামৰাজ্যৰ তুলাচনীখনত
মোৰ ভাগত সদায়েই নিন্দা,
তথাপি ঘৃণাৰে ভৰাই দিয়া
আঁচলখন হাত পাতি লৈ
মই কম “মই বীৰাংগানা”
কাৰণ, তোমালোকৰ দৃষ্টিয়ে
ঢুকি নোপোৱা দুৰত্বত
শূন্যত উপঙি ৰোৱা
মোৰ সপোনটোৱে জানে
প্ৰসাধনৰ প্ৰলেপত ডুব যোৱা
সেউজীয়াখিনিৰ কথা।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Check Also

Close
Close